
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাৰ সামাজিক জীৱনৰে সম্পৃক্ত, এগৰাকী অগ্ৰণী কৰ্মপটু উদ্যমী যুৱক, ঢকুৱাখনা শিক্ষা খণ্ডৰ অন্তৰ্গত পূব ঢকুৱাখনাৰ বৰবিল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, ঢকুৱাখনা সৰ্বশিক্ষা অভিযানৰ নিষ্ঠাবান চি আৰ চি চি ধীৰু ডেকা আৰু নাই । বুধবাৰে পুৱতি নিশা সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত পতিত হৈ এইগৰাকী সদা হাস্য মুখী যুৱকৰ ঘটনাস্থলীতে মৰ্মান্তিক ভাবে অকাল মৃত্যুক সাৱটি লয়।
জানিব পৰা মতে এক ব্যৱসায়িক কামত ডেকাই নিজা লঘু মালবাহী বাহনেৰে তেজপুৰ অভিমুখে মঙ্গলবাৰে যাত্ৰা কৰিছিল । অৰূপ বৰপাত্ৰ নামৰ এগৰাকী সহযোগী যুৱকৰ সতে যাত্ৰা কৰা ডেকাৰ বাহন খন বিশ্বনাথ-তেজপুৰ ৰাষ্ট্ৰীয় ঘাই পথৰ হলেশ্বৰৰ অংশত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ডেকাৰ ঘটনাস্থলীতে মৰ্মান্তিক বিয়োগ ঘটে । পাছত ডেকাৰ মৃতদেহ তেজপুৰ সদৰ থানাৰ আৰক্ষীয়ে তেজপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি যাবতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰে । আৰক্ষীয়ে ডেকাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা বুলি জনাইছে ।
ঢকুৱাখনাত গুণগত আনুষ্ঠানিক শিক্ষা প্রসাৰণৰ লগতে এগৰাকী নীতি নিষ্ঠ চি আৰ চি চি হিচাবে সফল সেৱা আগবঢ়াই যোৱা ডেকাই চাকৰি জীৱনৰ সমান্তৰাল ভাৱে ঢকুৱাখনা নগৰত "সৃষ্টি নাৰ্চাৰী" নামৰ এখন জৈৱিক নাৰ্চাৰী খুলি আত্মনিৰ্ভৰশীলতাৰ সুকীয়া দৃষ্টান্ত দেখুৱাই গৈছে । এগৰাকী দক্ষ ফটোগ্ৰাফাৰ হিচাবেও পৰিচিত ডেকাৰ আকস্মিক বিয়োগৰ খবৰে সমগ্ৰ ঢকুৱাখনাবাসীক শোকত ম্ৰিয়মান কৰি তুলিছে । ডেকাৰ নশ্বৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ পাছত ঢকুৱাখনাৰ স্বগৃহলৈ অনাৰ ব্যবস্থা লোৱা হৈছে। মৃত্যুৰ সময়ত ডেকাই পত্নী সৃষ্টি প্রিয়া ডেকা, দুই কন্যা সহ অগণন ইষ্ট কুটুম্বক ইস সংসাৰত এৰি গৈছে ।
আৰু পঢ়ক : কাজিৰঙাৰ সুৰক্ষাত ঝাওবনৰ ভূমিকা