/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/46dfed2f-c1c4-4672-9dd1-a3bb55749dff/AP_FOR_WEB_1.jpg)
নীলপৱন বৰুৱা, দীপালী বৰঠাকুৰক কোনে কৰিছে এইদৰে অপমান? বাটৰুৱাই ৰ লাগি চোৱা সেই পেইণ্টিংখন আৰু নাই...
ডিজিটেল ডেস্কঃ এই কেইদিন গুৱাহাটীত সাংঘাটিক ব্যস্ততা। গুাৱাহাটীৰ চাৰিওফালে দেৱাল, ফ্লাই অভাৰ, ফ্লাই অভাৰৰ খুঁটা আৰু আন আন ঠাইত নতুনকৈ ৰং সানিছে। সন্মুখত জি-২০ সন্মিলন।
জি-২০ সন্মিলনৰ বাবেই হওক বা আন কাৰণতেই হওক গুৱাহাটীখনক এইদৰে শুৱনি কৰি তোলাৰ যি প্ৰচেষ্টা সেয়া অতি আদৰণিয়। গুৱাহাটীখন ধুনীয়া হৈ থকাটো সকলোৰে কাম্য।
কিন্তু গুৱাহাটীখন ধুনীয়া কৰাৰ নামত এয়া কি কৰিলে? চিত্ৰশিল্পী তথা দুৰন্ত প্ৰেমিক নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰৰ মুখত সানি দিলে ৰং। দুয়ো মহান শিল্পীৰ মুখত মাৰি দিয়া হ'ল আন শিল্পকৰ্ম।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/f0293610-279d-430c-b5ab-0b94539b78a0/neel.jpg)
জালুকবাৰী ফ্লাই অভাৰৰ এটা খুঁটাত বেলি ফুলৰ মাজত নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰক অংকন কৰিছিল ''ভেজাল #বহেমিয়ানBrothers- এ''।কেৱল জালুকবাৰীয়েই নহয় অসমৰ আন আন প্ৰান্ততো চিত্ৰ শিল্পীৰ এই দলটোৱে এইদৰে চিত্ৰ অংকন কৰি আহিছে।
গুৱাহাটীলৈ অহা প্ৰতিজন ব্যক্তিয়ে নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰৰ এই দৃশ্য ৰ লাগি চাইছিল। সামাজিক মাধ্যমত আজিও ভাইৰেল হৈ আছে সেই বিশেষ শিল্প কৰ্ম। কিন্তু গুৱাহাটীখনক নতুনকৈ সজাই তোলাৰ নামত এইদৰে নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰৰ মুখত ৰং সানি দিয়া হ'ল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/72d3ba08-a8d8-42ac-b26b-f31a0c95fcf2/Untitled_design_2_10.webp)
যদি গুৱাহাটীখন শুৱনি কৰাৰ বাবেই ৰং, তেল সনা হৈছে তেনে নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰৰ এই পেইণ্টিঙখনে ফ্লাই অভাৰখন লেতেৰা কৰি আছিল বুলি সংশ্লিষ্ট মহলে ভাবিলে নেকি? যদি এই ফ্লাই অভাৰৰ খুঁটাৰ পৰা নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰৰ পেইণ্টিংখন আঁতৰাব বিচাৰিছিলেই তেনে কিয় সম্পূৰ্ণকৈ আঁতৰাই দিয়া হোৱা নাই? এইদৰে অপমান কৰা হৈছে দুয়ো শিল্পীক?
কিয় সকলোৱে চিনিব পৰাকৈ তেওঁলোকৰ মুখত আন শিল্পকৰ্ম কৰা হ'ল? যি শিল্পীয়ে এই কাম কৰিলে তেওঁ একপ্ৰকাৰে হত্যা কৰিলে নেকি আন এক শিল্প কৰ্মক? আঘাত কৰিলে নেকি নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰক?
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/73655f85-e7f3-483a-a5da-4cb2adf8074c/neel_2.jpg)
নীলপৱন বৰুৱাৰ মৃত্যুৰ পিছত তেওঁৰ অমৰ প্ৰেম কাহিনীক বিশ্ববাসীৰ মাজলৈ লৈ যোৱাৰ কথা আছিল। সকলোৱে বিচাৰিছিল এই অমৰ প্ৰেম কাহিনীক জগতে জানক। জি-২০ সন্মিলনৰ মাধ্যমেৰে হয়তো সেই বাৰ্তা দিব পৰা গ'ল হয়। জি-২০ ৰাষ্ট্ৰ নেতাৰ দৃষ্টিত নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰৰ এই সুন্দৰ দৃশ্যই ধৰা দিলে হয়। কিন্তু কাৰোবাৰ উৰ্বৰ মস্তিষ্কৰ 'শুভ বুদ্ধি'ত এইদৰে ধ্বংস কৰা হ'ল সেই দৃশ্যক।
এনে বহু প্ৰশ্নই এতিয়া উত্থাপন হৈছে। এই প্ৰশ্নৰ উত্তৰ কোনে দিব? প্ৰশ্ন কিন্তু উত্থাপন হ'বই। বিষয়টো সংশ্লিষ্ট বিভাগ, দায়িত্বত থকা ব্যক্তিসকলে গুৰুত্বসহকাৰে লোৱাটো ভাল।
ক্লিক কৰি পঢ়কঃ গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়: গুজৰাট আদালত