/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/d1ddda4e-ed62-4d6e-a6d1-1e6d3b2acf38/AP_FOR_WEB_1.jpg)
ডিজিটেল ডেস্ক: গুজৰাটৰ তাপী জিলাৰ সত্ৰ ন্যায়াধীশ আদালতে দেশত গৰুৰ সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আদালতে কয় যে ''বিজ্ঞানে প্ৰমাণ কৰিছে যে গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়। কেৱল ইমানেই নহয়, গো মূত্ৰৰ দ্বাৰা যিকোনো ৰোগ নিৰাময় কৰিব পাৰি''।
টাপী জিলা সত্ৰ ন্যায়াধীশ সমীৰ ব্যাসে যোৱা বছৰ নৱেম্বৰত এজন ২২ বছৰীয়া যুৱক এজনক যাৱজ্জীৱন কাৰাদণ্ড বিহি এই মন্তব্য কৰে। যুৱক জনৰ বিৰুদ্ধে বিভিন্ন আইন উলংঘা কৰি গুজৰাটৰ পৰা মহাৰাষ্ট্ৰলৈ গৰু সৰবৰাহ কৰাৰ অভিযোগ আছিল। এই আদেশটো শেহতীয়াকৈ উপলব্ধ কৰোৱা হৈছিল।
ন্যায়ধীশ গৰাকীয়ে গৰু হত্যা কৰা সন্দৰ্ভত চিন্তা ব্যক্ত কৰি কয় যে গো কেৱল জন্তু নহয়, ই আমাৰ মাতা।
ন্যায়ধীশ গৰাকীয়ে কয় যে "পৃথিৱীৰ সকলো সমস্যা সেইদিনা সমাধান হ'ব যিদিনা পৃথিৱীত গৰুৰ তেজ এটোপাল নপৰে। আমি গৰু সুৰক্ষাৰ কথা কওঁ, কিন্তু ই ৰূপায়ণ কৰা নহয়। গৰু হত্যা আৰু অবৈধ পৰিবহনৰ ঘটনা নিয়মীয়াকৈ হৈ আছে। এয়া সভ্য সমাজৰ বাবে অপমানজনক ঘটনা''।
ন্যায়ালয়ে কয় যে স্বাধীনতাৰ ইমান বছৰ পাছতো গো হত্যাৰ সংখ্যা ক'ম হোৱা নাই। গৰু হৈছে ধৰ্মৰ প্ৰতীক। গৰু-আধাৰিত জৈৱিক কৃষিৰ জৰিয়তে উৎপন্ন হোৱা খাদ্যই আমাক বহু ৰোগৰ পৰা সুৰক্ষিত কৰে। বিজ্ঞানে প্ৰমাণ কৰিছে যে গো-গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয় আৰু গ মূত্ৰৰ দ্বাৰা দুৰাৰোগ্য ৰোগ নিৰাময় কৰিব পাৰে।
তাৰ পাছতে কয় যে বৰ্তমান গো সংকটত আছে। কিয়নো মেছিনত গৰু কাটি আমিষ খাদ্য খোৱা লোক সকলে সেয়া খায়। গাই গৰুৰ মহত্ব বুজাবলৈ ন্যায়ধীশ গৰাকীয়ে কিছু সংস্কৃত শ্লোকো উচ্চাৰণ কৰা দেখা যায়।
উল্লেখ্য যে, ২০২০ চনত তাপী আৰক্ষীয়ে মহাৰাষ্ট্ৰৰ মালেগাঁও নিবাসী মহম্মদ আমিন অঞ্জুমক গ্ৰেপ্তাৰ কৰিছিল। তেওঁ এখন ট্ৰাকত ১৬ টা গৰু সৰবৰাহ কৰিছিল।।যেতিয়া আৰক্ষীয়ে বাহন খন জব্দ কৰিছিল তেতিয়া তাত দুটা গৰু মৃত অৱস্থাত পোৱা গৈছিল।কিয়নো বাহন খনত পৰ্যাপ্ত খাদ্য নাছিল।
শুনানিৰ সময়ত সত্ৰ ন্যায়ধীশ আদালতে তেওঁক দোষী সাব্যস্ত কৰিছিল। ২০১৭ চনত, গুজৰাট চৰকাৰে 'গুজৰাট পশু সংৰক্ষণ (সংশোধনী) আইন, ২০১৭'ৰ এক গো হত্যা বিৰোধী আইন প্ৰৱৰ্তন কৰিছিল।
এই আইনৰ অধীনত গৰু হত্যাৰ বাবে দোষী সাব্যস্ত হোৱা বা এনে অবৈধ কাৰ্যত কোনো প্ৰত্যক্ষ ভাৱে জড়িত থকা লোকক আজীৱন কাৰাদণ্ডৰ ব্যৱস্থা আছে।আদালতে সংশোধিত আইনৰ অধীনত দোষীক আজীৱন কাৰাদণ্ড আৰু ৫ লাখ টকা পৰ্যন্ত জৰিমণা বিহিব পাৰে।
আৰু পঢ়ক: ভয়ংকৰ পথ দুৰ্ঘটনাত ভস্মীভূত বাহন, থিতাতে নিহত ২ চালক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us