/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/0617d878-9935-44be-8c53-978bbe8e7eed/AP_FOR_WEB_25.jpg)
ডিজিটেল ডেস্ক : পশ্চিম বংগস্থিত 'সুৰ ভাৰতী সংগীত কলা কেন্দ্ৰ'ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এটি শিক্ষানুষ্ঠান হৈছে- নৱোদয় চিত্ৰ-কলা নিকেতন। গুৱাহাটীৰ এই শিক্ষানুষ্ঠানখনে ৰাইজৰ আস্থা আৰু বিশ্বাসৰ প্ৰতীক হিচাপে বুধবাৰে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/d7ba9d9f-0d13-443a-a22b-66689d61329e/c0cad086_bacb_4685_842e_d9cb9f503ad6.jpg)
এই শুভ মুহূৰ্ত্তত নৱোদয় চিত্ৰ-কলা নিকেতনৰ উদ্যোগত চানমাৰিস্থিত গৌহাটী আৰ্টিষ্ট গীল্ডত এখনি চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। উদ্য়োক্তাই জানোৱা অনুসৰি ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি ৫দিনীয়া কাৰ্য্যসূচীৰে চিত্ৰ প্ৰদৰ্শনীখনৰ আয়োজন কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/f43df0c7-dd22-4c92-9d9c-5f3e53b0c921/4b0ab1f8_6b89_4da4_8ba7_cb4cf8229545.jpg)
সেয়ে ১১ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈকে চিত্ৰ প্ৰদৰ্শনীখন অনুষ্ঠিত কৰা হ'ব। বুধবাৰে এক গাম্ভীৰ্য পৰিবেশৰ মাজেৰে বিশিষ্ট চিত্ৰশিল্পী অতুল চন্দ্ৰ বৰাই চিত্ৰ প্ৰদৰ্শনীখনৰ বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/729fcee1-84ef-4322-a426-a848f1c24d95/a060ce94_465b_4344_a931_803c44082ac6.jpg)
চিত্ৰ প্ৰদৰ্শনীখন উদ্বোধন কৰি শিল্পী বৰাই চিত্ৰ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। এই অনুষ্ঠানত আমিনুল হক,চম্পক বৰবৰা, লুচিনা মটক বৰাৰ লগতে নৱোদয় চিত্ৰ-কলা নিকেতনৰ শিক্ষক-শিক্ষয়িত্ৰী,শিক্ষাৰ্থী, প্ৰাক্তন শিক্ষাৰ্থী তথা ভালে কেইগৰাকী গন্য মান্য ব্যক্তি উপস্থিত থাকে। ইফালে সুশোভিত বিভিন্ন চিত্ৰ উপভোগ কৰি প্ৰত্যক্ষদৰ্শী আপ্লুত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/5ac1484e-a6e4-4adb-808c-c645cc1a899b/ee5e9774_134a_4bf4_8226_33969a14652f.jpg)
উল্লেখযোগ্য যে উক্ত ৫দিনত দিনৰ ২ বজাৰ পৰা সন্ধিয়া ৮ বজালৈকে সুসজ্জিত চিত্ৰসমূহ উপভোগ কৰিব পাৰিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। ইফালে ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি নিকেতনখনৰ তৰফৰ পৰা এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হয়। 'চিত্ৰণ' নামৰ এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰে অনুষ্ঠানৰ মুখ্য অতিথি অতুল চন্দ্ৰ বৰাই। বিবিধ সমলেৰে সম্বৃদ্ধ স্মৃতিগ্ৰন্থখন পঢ়ি পঢ়ুৱৈয়ে আমোদ পাব বুলি মন্তব্য কৰে।
Also Read: শিলচৰত 'অসমী থলুৱা খাদ্য মেলা' উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ