/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/5bef495c-1ad1-4b5c-984a-d091a4577cab/282.jpg)
ডিজিটেল ডেস্ক : এক গুৰুত্বপূৰ্ণ কাৰ্য্যসূচীৰে বুধবাৰে শিলচৰত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত হয়। আজি শিলচৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাছাৰ জিলা মিছন ব্যৱস্থাপনা গোটৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে "অসমী থলুৱা খাদ্য মেলা" আয়োজন কৰা হয়। শিলচৰৰ গান্ধী মেলা খেলপথাৰত প্ৰথমবাৰৰ বাবে আয়োজিত এই মেলাৰ শুভাৰম্ভ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/d53bbdfe-8516-482f-9ea6-1b50c4845a33/126ea80d_a8e4_44d2_af1e_9e335b8bea8f.jpg)
এই খাদ্য মেলাত আত্মসহায়ক গোটসমূহ আৰু গ্ৰাম্য সংগঠনৰ সদস্যাসকলে নিজৰ নিজৰ থলুৱা খাদ্য সামগ্ৰী তথা আন সা–সামগ্ৰী লৈ মেলাত অংশ লয়। খাদ্য মেলাখন উদ্বোধন কৰি মন্ত্ৰী হাজৰীকাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/5e85d53e-535e-4419-b26d-5a6189e94729/461acd1f_e595_42df_bcf4_845ec3e2f42b.jpg)
অসম চৰকাৰে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত আন্তৰিকতাৰে কৰি থকা কামসমূহৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । অৰুণোদই, মাইক্ৰ'ফাইনেন্সৰ লোন ৰেহাই আদিৰ লগতে আত্মনিৰ্ভৰ হ'বৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়াব লগা সহায়ৰ কথা সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/1d4316e5-3359-4a92-8fef-9c3f5cab71a7/1e0bfe0c_8d7e_4f09_aa30_586ead7f38e2.jpg)
Also Read: 'শান্তি ধাম'ত অশান্তিৰ সৃষ্টি কৰা পৌৰপতিয়ে পালে উচিত প্ৰত্যুত্তৰ