কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

author-image
Asomiya Pratidin
New Update
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

ডিজিটেল সংবাদ,গুৱাহাটী : ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সৌজন্যত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উদ্যোগত বৃহস্পতিবাৰে 'কৰ্পোৰেট জগতত মহিলাৰ সিদ্ধান্ত গ্ৰহণৰ ভূমিকা' শীৰ্ষক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আয়োজিত আলোচনা চক্ৰখনৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

Advertisment

উদ্বোধনী ভাষণত তেওঁ কয় যে, লিংগ সমতা স্থাপন আৰু মহিলা সবলীকৰণৰ দিশত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে ক্ষীপ্ৰতাৰে কাম কৰি আহিছে। মহিলাৰ বাবে আসন সংৰক্ষণৰ বিধেয়ক এই দিশত এক ফলপ্ৰসূ উদাহৰণ।

উদ্বোধনী অনুষ্ঠানত নেডফিৰ সঞ্চালক নন্দিতা হাজৰিকাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত হাজৰিকাই বিভিন্ন ন্যায়িক তথা প্ৰশাসনিক ব্যৱস্থাৰ উপস্থিতি সত্বেও ভাৰতবৰ্ষত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা বৈষম্যৰ বিষয়ে পৰিসংখ্যা সহকাৰে উল্লেখ কৰে।

অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ৰাজেন্দ্ৰ প্ৰসাদ দাস, ভাৰপ্ৰাপ্ত পঞ্জীয়ক অধ্যাপক প্ৰানজিৎ বৰাকে ধৰি বিভিন্ন বিভাগৰ ডীন, অধ্যাপক-অধ্যাপিকাৰ লগতে বহু সংখ্যক গৱেষকে অংশগ্ৰহণ কৰে। আলোচনা চক্ৰৰ অংশ হিচাপে দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা সত্ৰৰ প্ৰাক্তন ডীন অধ্যাপক চন্দনা গোস্বামী, ডিব্ৰুগড়ৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাপৰি চেতিয়া, এন ই ই পি চি ৰ সঞ্চালক বৈদ্যনাথ মহাৰানা আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা বিভাগৰ ডীন অধ্যাপক নৃপেন্দ্ৰ নাথ শৰ্মাকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে নিৰ্দ্ধাৰিত বিষয় সম্পৰ্কে বক্তৃতা প্ৰদান কৰে।

Also Read: গীনিজেই নেকি সফলতাৰ চূড়ান্ত পৰ্যায়...!

pabitra margherita