/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/5acd6351-59b2-4708-8316-4560d203fd7f/modi4.jpg)
আজি খানাপাৰা পশু চিকিৎসালয় মহাবিদ্যালয়ত প্ৰধানমন্ত্ৰী মোডীৰ ৰাজহুৱা সভা
ডিজিটেল ডেস্কঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন আৰু শিলান্যাস কৰিব মুঠ ১১ হাজাৰ ৬০০ কোটি টকাৰ প্ৰকল্প। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত দিনৰ ১১-৩০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ৰাজহুৱা সভাৰ জৰিয়তে তেওঁ ভাৰ্ছুৱেলী সকলোবোৰ প্ৰকল্পৰ শুভাৰম্ভ আৰু শিলান্যাস কৰিব।
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰীগৰাকী শনিবাৰে সন্ধিয়া প্ৰায় ৬-৩০ বজাত গুৱাহাটীত আহি উপস্থিত হয়। ইয়াৰ পাছতে তেওঁ গুৱাহাটীৰ মাজেৰে খানাপাৰালৈ যাত্ৰা কৰে আৰু কইনাধৰাত নিশা যাপন কৰে। ইয়াৰোপৰি তেওঁ কইনাধৰাতে লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত বিজেপিক গতি দিয়াৰ উদ্দেশ্যৰে ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটীৰেও এক বৈঠকত মিলিত হয়।
আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে শুভ উদ্বোধন আৰু শিলান্যাস কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত আছে কামাখ্যা ক'ৰিডৰৰ আধাৰশিলা, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টাৰ্মিনেল, একেটা বিমান বন্দৰলৈ ছয়লেনযুক্ত পথৰ আধাৰশিলা, অসম মালাৰ দ্বিতীয় সংস্কৰণৰ অধীনত ৪৩ টা পথ। ইয়াৰোপি আছে ৰাজ্যৰ ক্ৰীড়াৰ ক্ষেত্ৰৰ হৃদপিণ্ডস্বৰূপ নেহৰু ষ্টেডিয়ামৰ পুনৰ নিৰ্মাণ প্ৰকল্প, চন্দ্ৰপুৰৰ স্প’ৰ্টছ কমপ্লেক্স, মণিৰাম দেৱান ট্ৰেড চেণ্টাৰক ইউনিটি মললৈ ৰূপান্তৰৰ প্ৰকল্প, গুৱাহাটী চিকিৎ মহাবিদ্যালয় হাস্পতাল প্ৰকল্প আদি।
প্ৰধানমন্ত্ৰীৰ উপস্থিতিতে ৰাজ্য চৰকাৰে অসমৰ ৫ হাজাৰ গৰাকী লাখপতি বাইদেউকো অনুষ্ঠানৰ অংশীদাৰ কৰিব। এই অনুষ্ঠানলৈ তেওঁলোকক ৰাজ্য চৰকাৰে অনাৰ উদ্যোগ গ্ৰহণ কৰিছে।মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে এই সভাত ১ ৰ পৰা ডেৰ লাখ লোকৰ সমাগম হ'ব।
After programmes in Odisha, landed to a very warm welcome in Assam. Thankful to the people of Guwahati for the affection. https://t.co/zYD0rvLQEK pic.twitter.com/WtOl06TuKh
— Narendra Modi (@narendramodi) February 3, 2024
Also Read: PM Modi in Assam Live Updates: অসমৰ বিকাশৰ বাবে ৰাইজক অভিনন্দন জনালে মোডীয়ে