/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/1510bdfd-a922-4d6f-9ede-9ac8363716cd/111.jpg)
মহানগৰীত বিশাল পৰিমাণৰ হেৰ'ইন জব্দ।
এ পি এছ চি কাৰ্যালয়ৰ সন্মুখত জব্দ কৰা হেৰ'ইনখিনিৰ মূল্য প্ৰায় ১২ কোটিৰো অধিক হ'ব।
এ এছ ০১ এফ এন ০৭৩৩ নম্বৰৰ ৱাগনাৰখনৰ পৰা জব্দ কৰা হয় এই হেৰ'ইনখিনি।
প্ৰায় ১.৫ কেজি ওজনৰ হেৰ'ইনখিনি কঢ়িয়াই আনিছিল দুজন ব্যক্তিয়ে।
জামাল আলি আৰু চেলিমুদ্দিন নামৰ ব্যক্তি দুজনক আটক এছ টি এফৰ।
ত্ৰিপুৰা আৰু মণিপুৰৰ পৰা বিশাল পৰিমাণৰ হেৰ'ইন অনাৰ তথ্য আছিল এছ টি এফৰ।
এই অভিযানৰ নেতৃত্ব দিছিল এছ টি এফৰ মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্ত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকে।
Also Read: ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল দুই যুৱকৰ...