/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/b4c2c479-81c5-4e53-94db-4c1b80de2395/296.jpg)
ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীৰ দুৰ্গা সৰোবৰত উদ্ধাৰ কৰা হৈছে বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী। শুকুৰবাৰে সন্ধিয়া অসম আৰক্ষীৰ এছ টি এফে জনবন্ধু পথৰ বাসিন্দা প্ৰাণজিৎ দাসৰ বাসগৃহত চলোৱা অভিযানত উদ্ধাৰ কৰে ৬১.৫গ্ৰাম হেৰ’ইন।
উক্ত ঘটনাৰ অভিযোগত প্ৰাণজিৎ দাসসহ আন এগৰাকী সৰবৰাহকাৰী মহিলাক আটক কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি সন্দেহজনক হেৰ’ইনৰ লগতে নগদ ৬৮০ টকা, ৩টা মোবাইল ফোন, ২৫০টা খালী টেমা জব্দ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/19cb3fd8-c38f-4840-976c-b87f08cc1ba9/7932827b-5e8a-4bca-8658-a258693c8459.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে প্ৰণজিৎ দাসৰ বয়স ৩৬ বছৰ। ঠিকনা জনবন্ধু পথ,দুৰ্গা সৰোবৰ, গুৱাহাটী। আনহাতে আনগৰাকী সৰবৰাহকাৰী হাছিনা বেগম ওৰফে মাইনাৰ বয়স প্ৰায় ২৭ বছৰ। আৰক্ষীয়ে জানিবলৈ দিয়া মতে তেঁওৰ ঘৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত।
Also Read: ইলোৰা বিজ্ঞান মঞ্চৰ ৰঙিয়া শাখাৰ প্ৰতিষ্ঠা দিৱস পালন