ইলোৰা বিজ্ঞান মঞ্চৰ ৰঙিয়া শাখাৰ প্ৰতিষ্ঠা দিৱস পালন

মৰণোত্তৰ দেহদান-অংগদানৰ লগতে সৰ্পদংশনত বিজ্ঞানসন্মত চিকিৎসা শীৰ্ষক সজাগতা সভা আৰু আলোচনাচক্ৰ

author-image
Asomiya Pratidin
New Update
ইলোৰা বিজ্ঞান মঞ্চৰ ৰঙিয়া শাখাৰ প্ৰতিষ্ঠা দিৱস পালন

ডিজিটেল সংবাদ,ৰঙিয়া : ৰাজ্যখনত ২০০৪ চনৰ বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ জৰিয়তে অন্ধবিশ্বাস আৰু কুসংস্কাৰমুক্ত এখন সমাজ গঢ়ি তোলাৰ বাবে অহোপুৰুষাৰ্থ কৰি অহা ইলোৰা বিজ্ঞান মঞ্চই ১৫ মে'ত গৌৰৱময় ২০টা বৰ্ষ অতিক্ৰম কৰে। এই উপলক্ষে প্ৰতিবছৰৰ দৰে এইবেলিও ইলোৰা বিজ্ঞান মঞ্চৰ ৰঙিয়া শাখা সমিতিয়ে শুকুৰবাৰে বিস্তৃত কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।

Advertisment

ৰঙিয়াৰ ইউক্লিড গ্ৰুপ অফ ইনষ্টিটিউচনছৰ প্ৰাংগনত প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা ৯:৩০ বজাত পতাকা উত্তোলন কৰে শাখাৰ সভাপতি মিৰাজুল ইছলামে । উল্লেখ্য যে ইলোৰা বিজ্ঞান মঞ্চই আয়োজন কৰা মৰণোত্তৰ দেহদান আৰু অংগদানক বিশদভাৱে অনুষ্ঠিত হোৱা সজাগতা সভাত নিৰ্দিষ্ট বক্তাৰূপে আলোকপাত কৰে সাধাৰণ সম্পাদক কমলেশ গুপ্তাই ।

তদুপৰি সৰ্পদংশনৰ ফলত বেজ কবিৰাজৰ বিপৰীতে বিজ্ঞানসন্মত চিকিৎসাইহে ৰোগীয়ে জীৱন ঘূৰাই পাব পাৰে এই সন্দৰ্ভতো মুকলিভাৱে এলানি আলোচনাচক্ৰ অনুষ্ঠিত হয় । আলোচনাচক্ৰত বক্তাৰূপে উপস্থিত থকা স্বস্তি হাস্পতালৰ প্ৰখ্যাত এনাস্থেচিঅ'লিষ্ট ডাঃ মিটুল দাসে সৰ্পদংশনৰ বিজ্ঞানসন্মত চিকিৎসা সেৱাৰ বিষয়ে দীঘলীয়া বক্তব্য আগবঢ়ায় ।

আলোচনাত কেইবাগৰাকীও ব্যক্তিয়ে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে । আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখনি বিজ্ঞানসন্মত কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয় ।

কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে চৈয়দ ৰিজাউন ইছলাম আৰু সুভম কলিতা (ফাটেমা কনভেণ্ট স্কুল), দ্বিতীয় নিলাক্ষী ডেকা আৰু মুস্তাবা ৰহমান ( ইউক্লিড গ্ৰুপ অফ ইনষ্টিটিউচনছ) লগতে তৃতীয় বৰ্ণিল কাশ্যপ ( ফাটেমা কনভেণ্ট স্কুল) আৰু নিচুকণি বঁটাৰূপে মধ্য পাণ্ডুৰী স্কুলৰ কৃক্ষাংকৰ কলিতা,সমীৰণ দাসে লাভ কৰে । আজিৰ এই সভাত সমাজকৰ্মী নৃপেন নাথ, শিক্ষক ভুবনেশ্বৰ লহকৰ, নয়নজ্যোতি দাসকে আদি কৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।

Also Read: সুৰা কেলেংকাৰীৰ ঘটনাটোৱেই ভুৱা, নাই কোনো প্ৰমাণ : অৰবিন্দ কেজৰিৱাল

rangia Ellora bigyan mancha