শিল্প,বাণিজ্য,সংস্কৃতিৰ অপূৰ্ব সংমিশ্ৰণেৰে উজ্জীৱিত নন্দিনী মেলা...

খানাপাৰা ইণ্ডোৰ ষ্টেডিয়ামত লোকে লোকাৰণ্য পৰিৱেশ
শিল্প,বাণিজ্য,সংস্কৃতিৰ অপূৰ্ব সংমিশ্ৰণেৰে উজ্জীৱিত নন্দিনী মেলা...

ডিজিটেল ডেস্কঃ শিল্প, বাণিজ্য, সংস্কৃতিৰ অপূৰ্ব সংমিশ্ৰণৰস্থলীলৈ পৰিণত হৈ পৰিছে 'নন্দিনী' মেলা। প্ৰতিদিন ইভেণ্টছ আৰু ষ্টয়িক ষ্টুডিঅ'ৰ উদ্যোগত তথা টয়টাৰ সহযোগত অনুষ্ঠিত হোৱা ব্যতিক্ৰমী অনুষ্ঠান 'নন্দিনী'ৰ দ্বিতীয় দিনটোত লোকে লোকাৰণ্য হৈ পৰি খানাপাৰা ইণ্ডোৰ ষ্টেডিয়ামৰ বাকৰি।

স্বচ্ছতাৰ কাৰ্যসূচীৰে আৰম্ভ হোৱা এই অনুষ্ঠানত দিনত মহিলা উদ্যোগীসকলৰ এক মননশীল আলোচনা চক্ৰ অনুষ্ঠিত হয়, য'ত ভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও মহিলা উদ্যোগীয়ে অংশগ্ৰহণ কৰে। বিশিষ্ট লেখিকা তথা মহিলা আলোচনী 'নন্দিনী'ৰ সম্পাদক মাইনী মহন্তই আঁত ধৰা এই অনুষ্ঠানত বিশিষ্ট সাংবাদিক, সাদিনৰ সম্পাদক তথা সাহিত্য একাডেমী বঁটা বিজয়ী ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰী, আই আই ইৰ প্ৰাক্তন সঞ্চালিকা ড০ সুপৰ্ণা বৰুৱা, সৌদৰ্য চৰ্চাৰ ব্যৱসায়ৰ সফল উদ্যোগী ভানু শৰ্মা আৰু ৰেষ্টুৰেণ্ট ব্যৱসায়ৰে সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠা লাভ কৰা অঞ্জলি বৰাই।

ইয়াৰ পিছতে আই অ' চি এল, বঙাইগাঁৱে ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ সন্দৰ্ভত এক সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰে। এই সজাগতা সভাৰ অনুষ্ঠান পৰিচালনা কৰে IOCLবঙাইগাঁৱৰ মেটেৰিয়েলছ শাখাৰ প্ৰবন্ধক ৰূপা টাইকাম, উপ প্ৰবন্ধক মুছুখা বড়োৱে।

অনুষ্ঠানত আই অ’ চি এল বঙাইগাঁৱৰ ফালৰ পৰা প্ৰতিদিন টাইমৰ সঞ্চালিকা স্মিতাক্ষী বি গোস্বামীক মহিলা উদ্যোগীসকলৰ বাবে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে ধন্যবাদ জনাই বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ পিছতে ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেণাৰছিপৰ জ্যেষ্ঠ বিষয়া প্ৰণৱ শৰ্মাই ক্ষুদ্ৰ মহিলা উদ্যোগীসকলক উদ্দেশ্যি বহু গুৰুত্বপূৰ্ণ বিষয়ৰ আলোকপাত কৰে।

আনহাতে আজিও মাজুলীৰ মুখা শিল্পৰ কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে প্ৰশিক্ষক হিচাপে থকা মাজুলীৰ চামগুৰি মুখা শিল্পী খগেন গোস্বামীয়ে। সন্ধিয়া এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। য'ত 'মেজাংকৰী মেঘমল্লা'ৰ নামৰ সাংস্কৃতিক গোষ্ঠীটোৱে সত্ৰিয়া নৃত্যৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰায় প্ৰতিটো জনগোষ্ঠীয় লোক নৃত্য প্ৰদৰ্শন কৰে। গোষ্ঠীটোৰ এই প্ৰদৰ্শনে উপস্থিত সকলোকে আপ্লুত কৰে।

ইয়াৰ পিছতে ৰাজ্যৰ দুই প্ৰতিভাৱান সংগীত শিল্পী ৰিদিপ্তা শৰ্মা, ট্ৰিবেণী বুজৰবৰুৱাৰ সংগীতানুষ্ঠান অনুষ্ঠিত হয়। 'নন্দিনী' মেলাৰ অন্তিম দিনৰ কাৰ্যসূচী দেওবাৰে পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ'ব। অন্তিম দিনৰ কাৰ্যসূচীসমূহৰ ভিতৰত আছে চিত্ৰাংকন প্ৰতিযোগিতা, টেৰকোটা শিল্পীৰ কৰ্মশালাৰ উপৰিও আন কেইবাটাও হস্তশিল্পৰ কৰ্মশালা। সন্ধিয়াৰ ভাগত আছে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান।

প্ৰায় অৰ্ধশতাধিক মহিলা উদ্যোগীয়ে অংশগ্ৰহণ কৰা এই 'নন্দিনী' মেলাত আ-অলংকাৰ, সাজপাৰ, গৃহসজ্জা সামগ্ৰী, খাদ্য সম্ভাৰকে ধৰি বিভিন্ন সামগ্ৰীৰ পয়োভৰ ঘটিছে। দেওবাৰে এই মেলাৰ অন্তিম দিন। পুৱা ৯ বজাৰ পৰা এই অনুষ্ঠান আৰম্ভ হৈ নিশা ১০ বজাত সমাপ্তি ঘটিব।

শিল্প,বাণিজ্য,সংস্কৃতিৰ অপূৰ্ব সংমিশ্ৰণেৰে উজ্জীৱিত নন্দিনী মেলা...
IOCL বঙাইগাঁৱৰ উদ্যোগত নন্দিনীত ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ সন্দৰ্ভত সজাগতা অনুষ্ঠান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in