/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/d02a2dbc-acd5-4f19-bbef-dfee00486849/AP_FOR_WEB_iocl_.jpg)
IOCL বঙাইগাঁৱৰ উদ্যোগত নন্দিনীত ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ সন্দৰ্ভত সজাগতা অনুষ্ঠান...
ডিজিটেল ডেস্কঃ প্ৰতদিন ইভেণ্টছ আৰু ষ্টয়িক ষ্টুডিঅ’ৰ উদ্যোগত টয়টাৰ সহযোগত খানাপাৰাত অনুষ্ঠিত হৈ থকা ‘নন্দিনী’ মেলাত আজি ইণ্ডিয়ান অইল, বঙাইগাঁৱৰ উদ্যোগত মহিলাসকলৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ সন্দৰ্ভত এক সজাগতা সভা অনুষ্ঠিত হয়। এই সজাগতা সভাৰ অনুষ্ঠান পৰিচালনা কৰে IOCLবঙাইগাঁৱৰ মেটেৰিয়েলছ শাখাৰ প্ৰবন্ধক ৰূপা টাইকাম, উপ প্ৰবন্ধক মুছুখা বড়োৱে।
অনুষ্ঠানত আই অ’ চি এল বঙাইগাঁৱৰ ফালৰ পৰা প্ৰতিদিন টাইমৰ সঞ্চালিকা স্মিতাক্ষী বি গোস্বামীক মহিলা উদ্যোগীসকলৰ বাবে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে ধন্যবাদ জনাই বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ পিছতে ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেণাৰছিপৰ জ্যেষ্ঠ বিষয়া প্ৰণৱ শৰ্মাই ক্ষুদ্ৰ মহিলা উদ্যোগীসকলক উদ্দেশ্যি বহু গুৰুত্বপূৰ্ণ বিষয়ৰ আলোকপাত কৰে।
বিশেষয়কৈ অসমৰ থলুৱা তথা পৰম্পৰাগত পদ্ধতি আৰু সামগ্ৰীসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। অসমৰ মানুহখিনিৰ মানসিকতা ৰক্ষণশীল হোৱাৰ বাবে বহু সময়ত আমি আগবাঢ়ি যাব পৰা নাই বুলিও মন্তব্য কৰে। এই ক্ষেত্ৰত তেওঁ অসমৰ পাট-মুগা শিল্প, কাঁহ শিল্পৰ উদ্যোগৰ উদাহৰণ দাঙি ধৰে।
তেওঁ কয় এসময়ত শুৱালকুছিৰ ছোৱালীক শুৱালকুছিৰ বাহিৰলৈ বিয়া দিব বিচৰা নাছিল। তেওঁলোকৰ ভয় আছিল যাতে পাট-মুগা শিল্পৰ চানেকি আনৰ হাতলৈ নাযায়। সৰ্থেবাৰীৰ কাঁহ শিল্পৰ সৈতে জড়িত লোকসকলে বৃহৎ আঁকাৰৰ শৰাই নিৰ্মাণ কৰাত গুৰুত্ব দিয়ে। কিন্তু কাৰোবাক উপহাৰ হিচাপে দিলেও এই শৰাই বাহিৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত বিমান বন্দৰকে ধৰি বিভিন্ন স্থানত বিপদত পৰে।
যদিহে শৰাইসমূহ সকলোকে উপহাৰ দিব পৰাকৈ ক্ষুদ্ৰ আঁকাৰতো নিৰ্মাণ কৰা হয় তেন্তে এই ক্ষুদ্ৰ শৰাইসমূহৰ চাহিদা আৰু অধিক বৃদ্ধি পাব। ফলত এই উদ্যোগে আৰু অধিক জনপ্ৰিয়তা লাভ কৰিব। শুৱালকুছিৰ শিপিনিসকলে তাঁতশালত কাপোৰ বৈ আহিছে। তেওঁলোকে প্ৰযুক্তিৰ সহায় ল’ব বিচৰা নাই বুলিও কয়।
ইফালে অসমৰ বিভিন্ন থলুৱা সামগ্ৰীৰ পৰা ব্যৱহাৰ যোগ্য বিভিন্ন সামগ্ৰী, সাজপাৰ প্ৰস্তুত কৰিব পাৰি বুলি উদাহৰণ দাঙি ধৰি তেওঁ নিজেই দিঙিত লৈ অহা এখন গামোচাৰ আকৃতিৰ বস্ত্ৰ দেখুৱাই কয়, এইখন কলগছৰ আঁহৰ পৰা নিৰ্মাণ কৰা হৈছে। এইদৰে অসমৰ থলুৱা সামগ্ৰীসমূহ সঠিকভাৱে ব্যৱহাৰ কৰি উদ্যোগী হৈ পৰিব পাৰি। তেওঁ সুদীৰ্ঘ ৪০ বছৰীয়া অভিজ্ঞতাৰ পৰা উদ্যোগী মহিলাসকলক উদ্দেশ্যি বহু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে।
ইফালে এই অনুষ্ঠানৰ পাছত আন এগৰাকী উদ্যোগী মহিলা মনালিছা বৰঠাকুৰেও তেওঁ কিদৰে কৃষি ক্ষেত্ৰক কেন্দ্ৰ কৰি খাদ্য উদ্যোগ গঢ়ি তুলিছে সেই কথা উল্লেখ কৰে। লগতে তেওঁ এগৰাকী মহিলা উদ্যোগী হোৱাৰ ক্ষেত্ৰত কি কি দিশৰ পৰা প্ৰত্যাহ্বান আহিব পাৰে সেই বিষয়ে উল্লেখ কৰে।
মহিলা এগৰাকীয়ে কাৰ্যালয়লৈ ওলাই যোৱাৰ ক্ষেত্ৰত সন্তানৰ পৰা আৰম্ভ কৰি ঘৰৰ দায়িত্বলৈকে বহু সমস্যাৰ সন্মুখীন হোৱাৰ কথা কৈ এই সমস্যাৰ সন্মুখীন হৈ সফলতা লাভৰ বাবে কিদৰে সংগ্ৰাম কৰিব লাগিব বা মানসিক ভাৱে প্ৰস্তুত হব লাগিব সেই বিষয়ে কয়। ইয়াৰ পিছতে ভাৰতীয় ষ্টেট বেংক আৰু আই অ চি এলে ৩০ টাৰো অধিক বিষয়ৰ ওপৰত পুংখানুপুংখভাৱে উপস্থান কৰে। অনুষ্ঠানৰ শেষত আই অ চি এল বঙাইগাঁৱে মহিলা উদ্যোগীসকলক উপহাৰৰ টোপোলা আগবঢ়ায়।