নালাপাৰাত দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন...

নালাপাৰাত দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন...

ডিজিটেল সংবাদ, গুৱাহাটী : মহানগৰীৰ সৰুসজাইৰ নালাপাৰাৰ লক্ষী-নাৰায়ণ সামূহিক-সাংস্কৃতিক কেন্দ্ৰ পৰিচালনা সমিতিৰ উদ্যোগত যোৱা ২৩ এপ্ৰিলত দ্বিতীয় দ্বিবাৰ্ষিক ৰঙালী বিহু বিভিন্ন কাৰ্যসূচীৰে লক্ষী-নাৰায়ণ সামূহিক-সাংস্কৃতিক কেন্দ্ৰৰ প্ৰাংগনত অনুষ্ঠিত হয়।

পুৱা ৫ বজাত ছাত্ৰ-ছাত্ৰীৰ দৌৰ প্ৰতিযোগিতা, ৫.৩০ বজাত পুৰুষ-মহিলাৰ বেগাই খোজ কঢ়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পিছত ৯ বজাত পতাকা উত্তোলনেৰে দিনটোৰ কাৰ্যসূচীৰ শুভৰাম্ভ কৰা হয়। শুভৰাম্ভ কৰে কেন্দ্ৰটোৰ উপদেষ্টা তথা সমাজকৰ্মী ভূপেন্দ্ৰ শৰ্মা মেধিয়ে।

৯.৩০ বজাৰ পৰা যোগেন্দ্ৰনাথ বৰ্মন সোঁৱৰণি চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে বিভিন্ন খেল-ধেমালিৰ অনুষ্ঠিত কৰা হয়। সন্ধিয়া ৫.৩০ বজাত ২৪ নং ৱাৰ্ডৰ পাৰিষদ বিজু মেধিয়ে বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে। উল্লেখ্য যে, সাংস্কৃতিক অনুষ্ঠানত জাতি-জনগোষ্ঠীয় নৃত্য, বিহু, হুঁচৰিৰ লগতে বিভিন্ন নৃত্য-গীতে উপস্থিত দৰ্শকক মোহিত কৰে।

অনুষ্ঠানৰ অন্তত বিষয়ববীয়া, কৰ্মকতা তথা ৰাইজক পৰিচালনা সমিতিৰ হৈ সভাপতি দ্বীপেশ চন্দ্ৰ ৰায় আৰু সম্পাদক সুভাষ শৰ্মাই অভিনন্দন জ্ঞাপন কৰি আগলৈও সকলোৰে সহায় সহযোগিতাৰ কামনা কৰে।

নালাপাৰাত দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন...
ডি:বি:ৰ একবিংশতম দীক্ষান্ত সমাৰোহ: সাহিত্যিক নিৰুপমা বৰগোহাঞিক ডি লিট্ সন্মান, ৩৯ জন শিক্ষাৰ্থীলৈ স্বৰ্ণ পদক...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in