গুৱাহাটীৰ জুবিন নটিয়ালৰ চেৰিটি লাইভ কনচাৰ্ট বাতিলঃ আয়োজকক আটক...
গুৱাহাটীৰ জুবিন নটিয়ালৰ চেৰিটি লাইভ কনচাৰ্ট বাতিলঃ আয়োজকক আটক...

গুৱাহাটীৰ জুবিন নটিয়ালৰ চেৰিটি লাইভ কনচাৰ্ট বাতিলঃ আয়োজকক আটক...

নেহৰু ষ্টেডিয়ামত নাই কনচাৰ্টৰ কোনো প্ৰস্তুতি

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া বলিউড কণ্ঠশিল্পী জুবিন নটিয়ালৰ চেৰিটি লাইভ কনচাৰ্ট বাতিল। ছা ৰে গা মা আৰ্টছ অফ মিউজিক নামৰ সংস্থাটোৱে অনুষ্ঠিত কৰা এই অনুষ্ঠান ২৯ মাৰ্চ, ২০২৪ শুকুৰবাৰে সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল।

কিন্তু কোনো আগতীয়া জাননী জাৰি নকৰাকৈ এই অনুষ্ঠান বাতিল কৰিলে আয়োজকে। ফলত কনচাৰ্ট উপভোগৰ বাবে ইতিমধ্যে টিকট সংগ্ৰহ কৰা জুবিন নটিয়ালৰ অনুৰাগীসকল বিপদত পৰিছে।

উল্লেখ্য যে, আয়োজকসকলক এই কনচাৰ্টৰ পৰা লাভাংশ কেইবাজনো অসুস্থ ব্যক্তিৰ চিকিৎসাত ব্যয় কৰিব বুলি জনাইছিল। সামাজিক মাধ্যমৰ জৰিয়তেও অসুস্থ ৰোগীৰ চিকিৎসাৰ বাবে অৰ্থ সংগ্ৰহ কৰিছিল।

ইফালে এই লাইভ কনচাৰ্টৰ বাবে অনলাইন আৰু অফ লাইন দুয়োটা মাধ্যমতে টিকট উপলব্ধি হৈছিল। নেহৰু ষ্টেডিয়ামকে ধৰি বিভিন্ন স্থানত অফলাইন টিকটসমূহ বিক্ৰী কৰিছিল। কিন্তু কনচাৰ্ট বাতিল হোৱাৰ পাছত নেহৰু ষ্টেডিয়ামত দেখিবলৈ নাই এজনো আয়োজক। একেদৰে ষ্টেডিয়ামখনত নাই কনচাৰ্টৰ কোনো প্ৰস্তুতি।

এনে পৰিস্থিতিৰ মাজতে আৰক্ষীয়ে আয়োজক কমিটিৰ কেইবাজনকো আটক কৰিছে। জানিব পৰা মতে আৰক্ষীয়ে আয়োজক মৌচুমী বৰা নামৰ মহিলাগৰাকীক পানীখাইটিৰ পৰা আটক কৰি পাণবজাৰ মহিলা আৰক্ষী থানালৈ লৈ আনিছে। একেদৰে আটক কৰা আয়োজকৰ পুৰুষ বিষয়ববীয়াসকলক পল্টনবজাৰ আৰক্ষী থানালৈ লৈ অনা হৈছে।

ইফালে আয়োজকে স্বাক্ষৰবিহীন এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অনুষ্ঠান বাতিল হোৱাৰ বিষয়ে অৱগত কৰিছে। কাৰিকৰী কাৰণত এই অনুষ্ঠান বাতিলৰ কথা উল্লেখ কৰি অহা ৭ ৰ পৰা ১০ দিনৰ ভিতৰত টিকটৰ পইছা ঘূৰাই দিয়া হ'ব বুলিও জনাইছে।

গুৱাহাটীৰ জুবিন নটিয়ালৰ চেৰিটি লাইভ কনচাৰ্ট বাতিলঃ আয়োজকক আটক...
উজনিৰ চাৰিখন জিলাত পুনৰ ৬ মাহলৈ বৃদ্ধি AFSPA ৰ ম্যাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in