উজনিৰ চাৰিখন জিলাত পুনৰ ৬ মাহলৈ বৃদ্ধি AFSPA ৰ ম্যাদ...

অসম আৰক্ষীৰ প্ৰতিবেদনৰ ভিত্তিত প্ৰেৰিত প্ৰস্তাৱলৈ গৃহমন্ত্ৰণালয়ৰ সমৰ্থন
উজনিৰ চাৰিখন জিলাত পুনৰ ৬ মাহলৈ বৃদ্ধি AFSPA ৰ ম্যাদ...
উজনিৰ চাৰিখন জিলাত পুনৰ ৬ মাহলৈ বৃদ্ধি AFSPA ৰ ম্যাদ...

ডিজিটেল ডেস্কঃ অসম চৰকাৰে এক নিৰ্দেশনাৰ জৰিয়তে উজনি অসমৰ চাৰিখন জিলা ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ আৰু চৰাইদেউ জিলাক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰিছে। উগ্ৰপন্থী সংগঠনৰ কাৰ্যকলাপ সন্দৰ্ভত চলি থকা উদ্বেগৰ প্ৰতি সহাৰি জনাই শসস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন-১৯৫৮ ৰ ধাৰা-৩ ৰ অধীনত এই জিলা কেইখনক অশান্ত অঞ্চল হিচাপে পুনৰ ঘোষণা কৰা হৈছে।

উল্লেখ্য, ২৭ ছেপ্টেম্বৰ ২০২৩ ত এই জিলা কেইখনত ৬ মাহৰ বাবে AFSPAৰ ম্যাদ বৃদ্ধি কৰা হৈছিল। এই ম্যাদ অহা ৩১ মাৰ্চত অন্ত পৰিব। উল্লেখ্য অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ দ্বাৰা এই জিলা কেইখনৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়লৈ প্ৰতিবেদন প্ৰেৰণ কৰি AFSPAৰ ম্যাদ বৃদ্ধি কৰাৰ বিষয়ে প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল আৰু গৃহমন্ত্ৰণালয়ে এই প্ৰস্তাৱত সমৰ্থন জনাইছে আৰু ১ এপ্ৰিলৰ পৰা অতিৰিক্ত ৬ মাহলৈ এই জিলা কেইখনক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে।

উজনিৰ চাৰিখন জিলাত পুনৰ ৬ মাহলৈ বৃদ্ধি AFSPA ৰ ম্যাদ...
মহানগৰীত চাঞ্চল্য! ৰহস্যজনক অৱস্থাত নিৰাপত্তা ৰক্ষীৰ মৃতদেহ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in