বিশিষ্ট সংগীত পৰিচালক নন্দ বেনাৰ্জী আৰু নাই

বিশিষ্ট সংগীত পৰিচালক নন্দ বেনাৰ্জী আৰু নাই

author-image
Asomiya Pratidin
New Update
বিশিষ্ট সংগীত পৰিচালক নন্দ বেনাৰ্জী আৰু নাই

ডিজিটেল ডেস্ক : অসমৰ সাংস্কৃতিক ক্ষেত্ৰ উকা কৰি অজান দেশলৈ গ'লগৈ বিশিষ্ট সংগীত পৰিচালক নন্দ বেনাৰ্জী। নিশা গুৱাহাটীৰ নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে শিল্পীগৰাকীৰ।

Advertisment

জানিব পৰামতে কিছুদিন ধৰি অসুস্থ হৈ আছিল শিল্পী নন্দ বেনাৰ্জী। দেওবাৰে অকাস্মাতে অসুস্থ অনুভৱ কৰাত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে।

অসমৰ সংগীত জগতলৈ অনন্য অৱদান আছিল বেনাৰ্জীৰ। নন্দ বেনাৰ্জীৰ মৃত্যু অসমীয়া সংগীত ক্ষেত্ৰৰ বাবে অপূৰণীয় ক্ষতি।

বহু চিনেমাৰ সমান্তৰালকৈ থিয়েটাৰতো তেওঁ সংগীত পৰিচালনা কৰিছিল। তেওঁ সংগীত পৰিচালনা কৰা অন্তিমখন ছবি আছিল জনকন্দিনী। উল্লখ্য যে ১৯৫৫ চনত নগাঁৱত জন্মগ্ৰহণ কৰিছিল নন্দ বেনাৰ্জীয়ে।

Also Read: 'আপ'ক বিদায় অভিনেত্ৰী সম্ভাৱনা শেঠৰ

Nanda Banerjee cinema music