অসমলৈ 'আপ'ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং

অসমলৈ 'আপ' ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং

author-image
Asomiya Pratidin
New Update
অসমলৈ 'আপ'ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং

ডিজিটেল ডেস্ক: আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত আম আদমি পাৰ্টীয়ে শাসকীয় বিজেপি দলক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ লগতে অসমত দলটোৰ সাংগঠনিক ভেটি সুদৃঢ় কৰা লক্ষ্যৰে ২৮ ছেপ্তেম্বৰত দিনযোৰা বিভিন্ন কাৰ্য্যসূচী হাতত লৈ অসমত উপস্থিত হ'ব 'আপ' ৰ ৰাজ্যসভাৰ সাংসদ তথা ৰাষ্ট্ৰীয় মিত্রজোট ইণ্ডিয়া' ৰ অন্যতম সদস্য সঞ্জয় সিং।

সঞ্জয় সিঙে মাছখোৱাস্থিত আইটিএ কেন্দ্ৰত অনুষ্ঠিত হ'ব লগা দলটোৰ অসমৰ বিষয়বীয়া, কৰ্মকৰ্তাৰ 'নেতৃত্ব বিকাশ সন্মিলন' ত অংশগ্ৰহণ কৰাৰ লগতে সন্ধিয়া ভাগত বিৰোধী দলৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাক সাক্ষাৎ কৰা সম্ভাৱনা আছে।

উক্ত সম্মিলনত দলটোৰ ৰাষ্ট্ৰীয় তত্ত্বাবধায়ক ৰাজেশ শৰ্মা আৰু অসম ৰাজ্যিক সভাপতি ভবেন চৌধুৰীকে প্রমুখ্য কৰি কেইবাজনো ৰাজ্যিক নেতা উপস্থিত থাকিব। দলৰ প্ৰচাৰ সম্পাদক বিদ্যুৎ ৰঞ্জন দাসে এক বিবৃতিযোগে এই কথা প্রকাশ কৰে।

Also Read: পুনৰ অশান্ত অঞ্চলৰূপে ঘোষণা মণিপুৰক

aap assam