পথ- সুৰক্ষা জনসচেতনতা সৃষ্টিৰ বাবে 'পথ- সুৰক্ষা জন আন্দোলন' নামেৰে মটৰ চাইকেল সমদল

পথ দুৰ্ঘটনাই কেৱল এজন ব্যক্তিৰ নহয়, এটা পৰিয়ালৰ জীৱনলৈ অমানিশা নমাই আনে ৷ পথ দুৰ্ঘটনা ৰুধিবলৈ ৰাজ্যিক আৰু জিলা পৰ্যায়ত পথ সুৰক্ষা পৰিষদ গঠন কৰা হৈছে ৷ : মন্ত্ৰী পৰিমল শুক্লবৈদ্য
পথ- সুৰক্ষা জনসচেতনতা সৃষ্টিৰ বাবে 'পথ- সুৰক্ষা জন আন্দোলন' নামেৰে মটৰ চাইকেল সমদল

ডিজিটেল সংবাদ,গুৱাহাটী : পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে বিশ্ব স্মৃতি দিৱস (World Remembrance Day for Road Accident Victims)ৰ সৈতে সংগতি ৰাখি পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত পথ-সুৰক্ষা জনসচেতনতা সৃষ্টিৰ বাবে আৰম্ভ হোৱা মটৰ চাইকেল সমদলে সোমবাৰে কামৰূপ মহানগৰ জিলাৰ পৰা যাত্ৰা কৰে ৷ জিলা আয়ুক্ত পল্লৱ গোপাল ঝা আৰু পৰিবহণ আয়ুক্ত ডাঃ ৰবীন কুমাৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত যাত্ৰাৰ শুভাৰম্ভ কৰে ৷

ইয়াৰ পূৰ্বে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সভাপতিত্বত পথ সুৰক্ষা বিষয়ক এখন সভা অনুষ্ঠিত হয় ৷ মন্ত্ৰীগৰাকীয়ে পথ দুৰ্ঘটনাৰ ভয়াৱহতাৰ পৰিসংখ্যা দাঙি ধৰি কয় যে, পথ দুৰ্ঘটনাই কেৱল এজন ব্যক্তিৰ নহয়, এটা পৰিয়ালৰ জীৱনলৈ অমানিশা নমাই আনে ৷ পথ দুৰ্ঘটনা ৰুধিবলৈ ৰাজ্যিক আৰু জিলা পৰ্যায়ত পথ সুৰক্ষা পৰিষদ গঠন কৰা হৈছে ৷ তেওঁ ৰাইজক যান- বাহন আইন মানি চলিবলৈ, মদ্যপান কৰি গাড়ী নচলাবলৈ আহ্বান জনায় ৷

এই ক্ষেত্ৰত পৰিবহণ বিভাগ, আবকাৰী বিভাগ আৰু আৰক্ষীক একেলগে পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায় ৷ অবৈধভাৱে হোৱা মদ বিক্ৰী আৰু নিশা ১০ বজাৰ পিছত অনুমতিবিহীনভাৱে কৰা মদ বিক্ৰী বন্ধ কৰিবলৈ আবকাৰী বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে ৷ তেওঁ দুৰ্ঘটনা হ্ৰাস কৰাৰ স্বাৰ্থত যিমান সম্ভৱ পথসমূহৰ মেৰামতি কৰিবলৈ লোক নিৰ্মাণ বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে ৷

গাড়ী ক্ৰয় কৰি ব্যৱসায়ৰ বাবে চলাব দিয়াতেই মালিকৰ দায়িত্ব অন্ত নপৰে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চালকে মদ্যপান কৰি গাড়ী চলাই নেকি,অত্যাধিক বেগত গাড়ী চলাই নেকি,যাত্ৰাৰ পূৰ্বে বিমানৰ ক্ষেত্ৰত কৰাৰ দৰে গাড়ীখনৰ সকলো যন্ত্ৰ পৰীক্ষা কৰা হৈছে নে নাই আদি বিষয়তো মালিকে নজৰ ৰাখিব লাগিব৷ দুৰ্ঘটনাগ্ৰস্থক জৰুৰীভাৱে কৰি অহা চিকিৎসাৰ বাবে মন্ত্ৰীগৰাকীয়ে চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে ৷

বৈঠকত জিলা আয়ুক্ত পল্লৱ গোপাল ঝা, পৰিবহণ আয়ুক্ত ডাঃ ৰবীন কুমাৰ প্ৰমুখ্যে পৰিবহণ বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়া, যান বাহনৰ মালিক-ড্ৰাইভাৰ সন্থাৰ প্ৰতিনিধি, দুৰ্ঘটনাত প্ৰিয়জনক হেৰুওৱা কেবাগৰাকী ব্যক্তি উপস্থিত থাকে ৷ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে৷ সভাৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে ৷

উল্লেখ্য যে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত কালি কামৰূপ জিলাৰ পৰা পথ- সুৰক্ষা জনসচেতনতা সৃষ্টিৰ বাবে 'পথ- সুৰক্ষা জন আন্দোলন' নামেৰে এই মটৰ চাইকেল সমদল আৰম্ভ হৈছে ৷ এই সমদলে ৰাজ্যখনৰ সকলো জিলাক সামৰি ল'ব ৷

পথ- সুৰক্ষা জনসচেতনতা সৃষ্টিৰ বাবে 'পথ- সুৰক্ষা জন আন্দোলন' নামেৰে মটৰ চাইকেল সমদল
'সবল গাঁও,উন্নত অসম' শ্ল'গানেৰে গাঁৱে- গাঁৱে আপৰ অভিযান

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in