'সবল গাঁও,উন্নত অসম' শ্ল'গানেৰে গাঁৱে- গাঁৱে আপৰ অভিযান

ক্ষমতা আমাৰ বাবে প্রথম নহয়,আমাৰ বাবে অসমৰ শিক্ষা, স্বাস্থ্য, যাতায়ত ব্যৱস্থা উন্নত লগতে দীর্ঘদিনীয়া জ্বলন্ত সমস্যাবোৰৰ স্থায়ী সমাধানেই প্রধান লক্ষ্য। : সভাপতি ডাঃ ভবেন চৌধুৰী

author-image
Asomiya Pratidin
New Update
'সবল গাঁও,উন্নত অসম' শ্ল'গানেৰে গাঁৱে- গাঁৱে আপৰ অভিযান

ডিজিটেল সংবাদ,গুৱাহাটী : আম আদমি পার্টীৰ 'গাঁওলৈ যাত্রা'ৰ কাৰ্যসূচীৰ অংশ হিচাপে সোমবাৰে গুৱাহাটী লোকসভা সমষ্টি অন্তর্গত নৱগঠিত ছমৰীয়া বিধানসভা সমষ্টিৰ টুপামাৰী পঞ্চায়তত বহু সংখ্যক গাঁও সামৰি ৰূপায়ন কৰা হয়। আপ অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীৰ উপস্থিতিত দলটোৰ শতাধিক কর্মকর্তাই এক বিশাল সমদল উলিয়াই গাওঁ যাত্রা সফল কৰক, জয় আই অসম, ভাৰত মাতা কি জয়, অৰবিন্দ কেজৰিৱাল জিন্দাবাদ ধ্বনিৰে অঞ্চলটোৰ পৰিৱেশ উত্তাল কৰি তোলে।

Advertisment

দলটোৰে কর্মকর্তা, বিষয়ববীয়া সকলে ছমৰীয়াবাসী বহু লোকৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয়। দলটোৰ কেইবাজনো ৰাজ্যিক বিষয়ববীয়াৰ উপস্থিতত অঞ্চলটোত কেইবাখনো ৰাজহুৱা সভা সম্বোধন কৰে।

কাৰ্যসূচীত অঞ্চলটোৰ কলাতোলি আঞ্চলিক বজাৰত সহস্রাধিক লোকৰ উদ্দেশ্যি দিয়া ভাষণত সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় 'আমাৰ এই যাত্ৰাৰ লগতে কোনো ৰাজনৈতিক দৃষ্টিভংগী নাই। কোনো ধৰণৰ সংকীর্ণ দৃষ্টিভংগী নাই। তাৰোপৰি এই যাত্ৰাৰ লগত আমাৰ দলৰ সংগঠন শক্তিশালী কৰাব কোনো চিন্তা নাই।

ক্ষমতা আমাৰ বাবে প্রথম নহয়, আমাৰ বাবে অসমৰ শিক্ষা, স্বাস্থ্য, যাতায়ত ব্যৱস্থা উন্নত লগতে দীর্ঘদিনীয়া জ্বলন্ত সমস্যাবোৰৰ স্থায়ী সমাধানেই প্রধান লক্ষ্য। অসমৰ চহৰৰ লগতে গাঁওৰ বিকাশ নহ'লে সোণৰ অসমৰ সপোন দিঠকত পৰিণত নহ'ব।'

পৰৱর্তী দিনত আম আদমি পার্টীয়ে অসমৰ প্ৰতিটো চুবুৰীত 'গাঁও যাত্রা' কার্যসূচী ৰূপায়ন কৰিব বুলি দলটোৱে জানিবলৈ দিয়ে। আজিৰ কাৰ্যসূচীত ৰাজ্যিক সাংগঠনিক সম্পাদক ব্রজেন সন্দিকৈ, 'আপ'ৰ পাৰিষদ মাছুমা বেগম, তত্ত্বাবধায়ক দীপাংকৰ কলিতা, মহিলা শক্তিৰ সভাপতি অনুৰূপা বড়োকে ধৰি কেইবাজনো ৰাজ্যিক তথা জিলা বিষয়ববীয়া উপস্থিত থাকে।

Also Read: গুৱাহাটীৰ বিশিষ্ট কবি কিশোৰ কুমাৰ জৈনক লক্ষ্ণৌত সৰ্বভাৰতীয় সন্মান প্ৰদান

aap