অসমত মোডীঃ আপৰ প্ৰশ্ন- কিমান দূৰ আগবাঢ়িল টুইন টাৱাৰৰ কাম ?

প্ৰেছ বিজ্ঞপ্তিৰে আপ অসমৰ প্ৰধানমন্ত্ৰী মোডীলৈ ৮ টা প্ৰশ্ন
অসমত মোডীঃ আপৰ প্ৰশ্ন- কিমান দূৰ আগবাঢ়িল টুইন টাৱাৰৰ কাম ?

ডিজিটেল সংবাদ,গুৱাহাটী : দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী। শুভাৰম্ভ কৰিব কেইবাটাও প্ৰকল্পৰ। কিছুসময় পাছতে শনিবাৰে অসমৰ ভূমিত পদাৰ্পণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

ইয়াকে লৈ ব্যাপকভাৱে তৎপৰ হৈ উঠিছে ৰাজ্যিক বিজেপিৰ লগতে কৰ্মকৰ্তাসকল। ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাবলৈ বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈছে নেতৃবৃন্দ।

প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ প্ৰাকক্ষণত আপ অসমে এক বিবৃতিযোগে উল্লেখ কৰে যে, প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আজিৰ পৰা দুদিনীয়া অসম ভ্রমণ কার্যসূচীক আদৰণি জনাই তেওঁৰ পৰা কেইটামান গুৰুত্বপূর্ণ প্রশ্নৰ উত্তৰ বিচাৰিছে। প্রধানমন্ত্রীয়ে অসমবাসীক পূৰ্বৰ দুটা কার্যকালৰ নিৰ্বাচনৰ পূর্বে দিয়া প্রতিশ্রুতিসমূহ পূৰ কৰাত কি ব্যবস্থা হাতত ল'লে, ইয়াৰ প্ৰত্যুত্তৰ অসমাবাসী ৰাইজক দিবলৈ আহ্বান জনাইছে।

দলটোৱে প্রশ্ন উত্থাপন কৰে এইবুলি-

১) প্রধানমন্ত্রীয়ে ২০১৫ চনতে ঘোষণা কৰিছিল যে অসমক বানমুক্ত কৰা হ'ব আৰু ইয়াৰ বাবে কেইবাহাজাৰ কোটি টকা মুকলি কৰি দিয়া হ'ব। কিন্তু আজিলৈকে অসমৰ বানপানীৰ সমস্যা সমাধান নহ'ল কিয় ?

২) অসমৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ নগাঁও আৰু পাঁচগ্রাম কাগজ কল পুনৰুজ্জীৱিত কৰা হ'ব বুলি ঘোষণা কৰিছিল।

ইয়াৰ পৰিৱর্তে কাগজ কল দুটাৰ মাটি, সম্পত্তি ব্যক্তিগত কোম্পানীক বিক্ৰী কৰিলে। ইয়াৰ কাৰণ কি?

৩) অসমৰ এক্সপ্রেছ হাইৱে, টুইন টাৱাৰ নিৰ্মাণৰ কাম কিমান দূৰ আগবাঢ়িল ?

৪) অসমৰ ছয় জনগোষ্ঠীক ২০১৪ চনতে জনজাতিকৰণ কৰা হ'ব বুলি দিয়া প্রতিশ্রুতি আজিপর্যন্ত কিয় পালন কৰা নহ'ল ?

৫) বর্তমান মহিলাৰ বিৰুদ্ধে অপৰাধত অসম একেৰাহে ৫ বছৰৰ বাবে সৰ্বভাৰতীয় তুলনাত আটাইতকৈ বেছি। কি হ'ল 'বেটা বচাও, বেচি পঢ়াও' আঁচনিৰ ?

৬) অসম বর্তমান ১ লাখ ৪৫ হাজাৰ কোটি টকাৰ ঋণৰ বোজাত কোঙা আৰু প্রতিজন ব্যক্তিৰ ওপৰত ৪০ হাজাৰ টকাৰ ঋণৰ বোজা জাপি দিয়াটোৱে প্রধানমন্ত্রীৰ 'A for Assam' আৰু অসম 'অষ্টালক্ষ্মীৰ দেশ' আছিল নেকি?

৭) বছৰ ২ কোটি নিৱনুবা কর্মসংস্থাপন দিয়া প্রধানমন্ত্রীয়ে অসমৰ ভয়াৱহ নিবনুৱা সমস্যাৰ সমাধানৰ বাবে কি ব্যৱস্থা হাতত ল'লে?

৮) গুৱাহাটীবাসীয়ে ঘৰে ঘৰে খোৱাপানীৰ পোৱাৰ প্রতিশ্রুতি, ভূমিপট্টা দিয়াৰ প্রতিশ্রুতি, কৃত্রিম বান ৰোধৰ প্রতিশ্রুতি কেতিয়া পূব হ'ব বুলি প্ৰশ্ন তোলে।

অসমত মোডীঃ আপৰ প্ৰশ্ন- কিমান দূৰ আগবাঢ়িল টুইন টাৱাৰৰ কাম ?
ঘিলামৰাত অৰুণাচলী সুৰাৰ পয়োভৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in