ঘিলামৰাত অৰুণাচলী সুৰাৰ পয়োভৰ

ঘিলামৰাত অৰুণাচলী সুৰাৰ পয়োভৰ

ডিজিটেল সংবাদ,ঢকুৱাখনা : নিষিদ্ধ ঘোষিত ড্ৰাগছ, ভাংৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বিলাতী সুৰাৰ ব্যাপক পয়োভৰ ঘটিছে ঢকুৱাখনা মহকুমাৰ ঘিলামৰাত। ঢকুৱাখনা আবকাৰী বিভাগৰ অন্তৰ্গত ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত গ্ৰাম্যাঞ্চলৰ লগতে সদৰাঞ্চলত এনে মাৰাত্মক নিচা জাতিয় সামগ্ৰীৰ অবৈধ বেহাই চানি ধৰা পৰিলক্ষিত হৈছে। 

ঘিলামৰাৰ চামপৰা দলংৰ সমীপৰ নিৰ্জন হাবিতলীয়া স্থানত এচাম বিপথগামী আঢ্যৱন্ত পৰিয়ালৰ যুৱকৰ জৰিয়তে নিষিদ্ধ ড্ৰাগছ আৰু ভাংৰ মুকলি বেহা আৰু ড্ৰাগছ গ্ৰহণৰ এটা মাৰাত্মক পৰম্পৰা দীর্ঘদিন ধৰি চলি আহিছে। ঘিলামৰা আৰক্ষীৰ জ্ঞাতসাৰেই অব্যাহত থকা এনে নিষিদ্ধ অবৈধ সৰবৰাহ চলি থকাৰ সমান্তৰালকৈ বহিঃৰাজ্যৰ  অৰুণাচলী বিলাতী সুৰাৰ ৰমৰমীয়া বেহা এখন চলি আহিছে।

ধেমাজি জিলাৰ সীমান্তৰ অৰুণাচল প্ৰদেশৰ বিলাতী সুৰাৰ বিপণীৰ পৰা দিনৰ পোহৰতেই দুখন ব্যক্তিগত বাহনেৰে সৰবৰাহ কৰা এনে অবৈধ সুৰা ঘিলামৰাৰ সৰ্বত্ৰতে সহজ লভ্য হৈ পৰাৰ কথা পোহৰলৈ আহিছে। তাৰোপৰি ঘিলামৰাৰ  বিলাতী সুৰাৰ বিপণীসমূহৰ পৰাও সুৰা ক্ৰয় কৰি নি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত মুকলিভাৱে বিক্ৰী কৰি মুনাফা অর্জন কৰি অহা পৰিলক্ষিত হৈছে।

ঘিলামৰা সদৰৰ বহু কেইখন চৰকাৰী শিক্ষানুষ্ঠানৰ সমীপৰ ৰাজপথৰ দাঁতিত চৰকাৰী ভূমিত অৱস্থিত এনে বহু দোকান ব্যবসায়িক প্ৰতিষ্ঠানত চোৰাংভাৱে অবৈধ সুৰাৰ মুকলি বেহা চলি আছে । জনজীৱনলৈ প্ৰচণ্ড ভাবুকি মাতি চোৰাং ভাবে গ্ৰাহকক জীয়া ফাঁকি দি  অৰুণাচলৰ  বিলাতী সুৰাকে অসমৰ সুৰা বুলি  বিক্ৰী কৰি চলাই অহা লুণ্ঠনৰ পাছতো নিৰ্বিকাৰ আৰক্ষী আবকাৰী বিভাগ। 

জনজীৱন আৰু জনস্বাস্থ্যলৈ প্ৰচণ্ড ভাবুকি নমাই অনা এনে  নিষিদ্ধ বেহাখন উৎখাত কৰাত ঘিলামৰা আৰক্ষী ,ঢকুৱাখনা আবকাৰী বিভাগে তাৎক্ষণিক গুৰুত্ব আৰোপ কৰাতো অতি জৰুৰী হৈ পৰিছে । এনে অবৈধ বিপদজনক বেহা নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে যিকোনো সময়ত অঘটন ঘটাৰ আশংকা কৰিছে সচেতন মহলে ।

ঘিলামৰাত অৰুণাচলী সুৰাৰ পয়োভৰ
ৰাষ্ট্ৰ মোৰ বাবে সদায়েই প্ৰথম : 'ভাৰত ৰত্ন' লালকৃষ্ণ আদৱানীৰ অনুভৱ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in