চাবুৱাত PMAY ৰ ঘৰৰ নমত চৰম দুৰ্নীতিঃ ৱাৰ্ড মেম্বাৰ আৰু ঠিকাদাৰ স্বামীৰ লুণ্ঠন...

চাবুৱাত PMAY ৰ ঘৰৰ নমত চৰম দুৰ্নীতিঃ ৱাৰ্ড মেম্বাৰ আৰু ঠিকাদাৰ স্বামীৰ লুণ্ঠন...
চাবুৱাত PMAY ৰ ঘৰৰ নমত চৰম দুৰ্নীতিঃ ৱাৰ্ড মেম্বাৰ আৰু ঠিকাদাৰ স্বামীৰ লুণ্ঠন...

ডিজিটেল সংবাদ চাবুৱাঃ যি সময়ত শাসনাধিস্থ বিজেপি চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত সততেই শূন্য সহনশীলতাৰ নীতি আওৰাই আহিছে, সেই সময়তে চাবুৱাৰ জেৰাই পঞ্চায়তত ব্যাপক দুৰ্নীতি, অনিয়ম আৰু কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে। এই পঞ্চায়তত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি, অনিয়মৰ অভিযোগ উঠিছে।

অভিযোগ অনুসৰি জেৰাই পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ একাংশ হিতাধিকাৰীৰ নামত অহা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ উৎকোচ লৈ আন লোকক প্ৰদান কৰিছে। কেৱল সেয়াই নহয়, বহু লোকৰ বাসগৃহ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাৰো অভিযোগ উঠিছে।

অভিযোগ অনুসৰি ৩ নং ৱাৰ্ডৰ বিজেপি দলৰ পৰা ৰ্নিবাচিত সদস্যা নিতুমণি জালৰ ঠিকাদাৰৰ স্বামী টিংকু জাল আৰু অন্যান্য বহু কেইগৰাকী ঠিকাদাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰা নাই। হিতাধিকাৰীয়ে অভিযোগ কৰা মতে নিতুমণি জালৰ ঠিকাদাৰ স্বামীয়ে নিৰ্মাণ কৰা ঘৰটো ভালকৈ নিৰ্মাণ কৰাৰ বিনিয়মত হাঁহেৰে ভাত, ৰুটি খাইছিল।

দিন হাজিৰা কৰি প্ৰতিদিনে ১৫০ টকা উপাৰ্জন কৰা অৰুণ গোৱালা নামৰ হিতাধিকাৰীগৰাকীয়ে কয়, ৭০০ টকাৰে হাঁহ ক্ৰয় কৰি আনি সেই হাঁহৰ মাংসৰে ভাত, ৰুটি খোৱাবলগীয়া হৈছিল ঠিকাদাৰ টিংকু জালক। কিন্তু তাৰ পিছতো এই হিতাধিকাৰীক প্ৰৱঞ্চনা কৰিলে বিজেপিৰ ৱাৰ্ড মেম্বাৰ নিতুমণি জালৰ ঠিকাদাৰ স্বামীয়ে।

অভিযোগ অনুসৰি এই অৰুণ গোৱালা নামৰ দৰিদ্ৰ লোকজনৰ নামত ঘৰ অহা বুলি কৈ তেওঁৰ নামত এটা বেংক একাউণ্ট খুলিছিল টিংকু জালে। ইয়াৰ পাছত সেই একাউণ্টৰ পাছবুকো টিংকু জালে নিজৰ হাততেই ৰাখিছিল। কিন্তু ঘৰ সম্পূৰ্ণ নোহোৱাকৈয়ে টিংকুৱে কাম সামৰে। ঘৰ নিৰ্মাণৰ নামত দেৱাল আৰু টিন-পাত লগায়েই কাম সামৰে ঠিকাদাৰ টিংকুৱে।

ৱাৰ্ড মেম্বাৰ নিতুমণি জাল আৰু টিংকু জালৰ অনিয়ম ইমানতেই শেষ হোৱা নাই। ভুক্তভোগী অৰুণ গোৱালাই শেহতীয়াকৈ জানিব পৰা মতে তেওঁৰ চৌহদত অসম্পূৰ্ণ কৈ নিৰ্মাণ কৰা এই ঘৰটো দৰাচলতে তেওঁৰ নামত অহাই নাছিল। দিলীপ গোৱালা নামৰ এজন লোকৰ নামতহে আহিছিল। এয়া কেৱল এটা উদাহৰণ হে। ৱাৰ্ডটোত এনে একাধিক ঘটনা সংঘটিত হৈছে।

একেটা ৱাৰ্ডৰে টিংকু গোৱালা নামৰ এজন যুৱকে অভিযোগ কৰি কয়, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ তালিকাখন তেওঁৰ হাতত পৰাত দেখে তেওঁৰ নামত আৰু দেউতাক দিলীপ গোৱালাৰ নামতো আহিছে চৰকাৰী ঘৰ। এই বিষয়ে নিতুমণি জালক প্ৰশ্ন কৰাত তেওঁ কয়, এয়া তেওঁলোকৰ নামত অহা ঘৰ নহয়, একে নামৰ আন ব্যক্তিৰ বাবে অহা ঘৰহে।

প্ৰথম অৱস্থাত এই বিষয়ে অধিক গুৰুত্ব দিয়া নাছিল যদিও পৰৱৰ্তী সময়ত পঞ্চায়তত গৈ কম্পিউটাৰত এই তালিকা চোৱাত স্পষ্ট হয় দৰাচলতে টিংকু গোৱালা আৰু দিলীপ গোৱালাৰ নামত অহা বাসগৃহ দুটাৰ হিতাধিকাৰী তেওঁ নিজেই আৰু তেওঁৰ পিতৃ। কিন্তু এই নিতুমণি গোৱালাই আন আন ব্যক্তিৰ সহযোগত দিলীপ গোৱালাৰ ঘৰটো অৰুণ গোৱালাৰ চৌহদত নিৰ্মাণ কৰাৰ বিপৰীতে টিংকু গোৱালাৰ ঘৰটো আন এখন গাঁৱত নিৰ্মাণ কৰে।

ইফালে ৱাৰ্ডটোত নিৰ্মাণ কৰা আন আন ঘৰৰো নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈ কাম সামৰিছে। ঘৰৰ নামত কেৱল অসম্পূৰ্ণ দেৱাল নিৰ্মাণ কৰিয়েই দায়িত্ব সামৰা এই ৱাৰ্ড মেম্বাৰৰ ঠিকাদাৰ স্বামীয়ে বেংকৰ পৰা সকলো ধন উলিয়াই আনিছে। এতিয়া এই দেৱালত বন-লতাই আগুৰি ধৰিছে।

এতিয়া প্ৰশ্ন হয়, এগৰাকী ৱাৰ্ড মেম্বাৰে কিদৰে অকলেই বেলেগৰ নামত অহা ঘৰ বেলেগৰ নামত অৱণ্টিত কৰিলে? নিশ্চয় তেওঁলোকৰ সৈতে জেৰাই পঞ্চায়তৰ সভাপতি, সচিবকে ধৰি উন্নয়নখণ্ডৰো একাংশ বিষয়া, কৰ্মচাৰী জড়িত হৈ আছে।এই চক্ৰটোৰ বাবেই, নিতুমণি জাল আৰু তেওঁৰ ঠিকাদাৰ স্বামী টিংকু জালৰ দৰে একাংশই এইদৰে দৰিদ্ৰৰ নামত অহা বাসগৃহৰ ধন আত্মসাৎ কৰিবলৈ সক্ষম হৈছে।

এই চক্ৰটোৱে যে, তলে তলে এইদৰে এক বৃহৎ লুণ্ঠন চলাই আহিছে সেই কথা নিশ্চিত। গতিকে দুৰ্নীতিৰ শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰখনে, বিভাগীয় মন্ত্ৰীয়ে এই দুৰ্নীতি, অনিয়মত লিপ্ত হোৱা লোকসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয়। স্থানীয় ৰাইজে এতিয়া এই লোকসকলকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী কৰিছে।

চাবুৱাত PMAY ৰ ঘৰৰ নমত চৰম দুৰ্নীতিঃ ৱাৰ্ড মেম্বাৰ আৰু ঠিকাদাৰ স্বামীৰ লুণ্ঠন...
চাহ শ্ৰমিকৰ দুৰ্দশাঃ নাই লেট্ৰিন, বাসগৃহও ভাঙিল ! নাই প্ৰাপ্য মজুৰি আৰু বকেয়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in