শৰাইঘাটত চুইচাইড নোটসহ ব্যৱসায়ীৰ বাহন উদ্ধাৰঃ হত্যাৰ সন্দেহ...

দেওবাৰৰ পৰা অফ হৈ আছিল মোবাইল

author-image
Asomiya Pratidin
New Update
শৰাইঘাটত চুইচাইড নোটসহ ব্যৱসায়ীৰ বাহন উদ্ধাৰঃ হত্যাৰ সন্দেহ...

শৰাইঘাটত চুইচাইড নোটসহ ব্যৱসায়ীৰ বাহন উদ্ধাৰঃ হত্যাৰ সন্দেহ...

ডিজিটেল ডেস্কঃ গুৱাহাটীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী ব্যৱসায়ীক অপহৰণ কৰি হত্যাৰ সন্দেহ। শৰাইঘাইটত ব্যৱসায়ীজনৰ দুচকীয়া বাহন আৰু এখন ভুৱা চুইচাইড নোট উদ্ধাৰৰ পাছতে এই সন্দেহ অধিক তীব্ৰতৰ হৈ উঠিছে।

Advertisment

উল্লেখ্য যে, প্ৰদীপ জয়ছোৱাল নামৰ ব্যৱসায়ীজনক অপহৰণ কৰাৰ সন্দেহ কৰা হৈছে। সন্ধানহীন হৈ থকা প্ৰদীপ জয়ছোৱালৰ দুচকীয়া বাহনখন উদ্ধাৰ কৰা হৈছে শৰাইঘাট দলঙত।

বাহনখনৰ লগত উদ্ধাৰ হৈছে এখন চুইচাইড নোট। য'ত লিখা আখৰ বোৰৰ সৈতে ব্যৱসায়ী জয়ছোৱালৰ হাতৰ আখৰৰ সৈতে মিল নাই। সেয়ে পৰিয়ালে সন্দেহ কৰিছে অপহৰণকাৰীয়ে হত্যা কৰি এই ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে।

এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ফটাশিল আৰক্ষী থানাত ব্যৱসায়ী প্ৰদীপ জয়ছোৱালৰ আত্মীয়ই ৰুজু কৰিছে এক গোচৰ। জানিব পৰা মতে দেওঁবাৰৰ পৰাই মোবাইল বন্ধ হৈ আছে জয়ছোৱালৰ। ইফালে অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি পৰিয়াল কেন্দ্ৰিক সংঘাটৰ সন্মুখীন হৈ আহিছিল জয়ছোৱাল। সেয়ে এই ঘটনাৰ সৈতে পৰিয়াল কেন্দ্ৰিক সংঘাটৰো সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছে।

Also Read: কৃষিক্ষেত্ৰত ব্যৱসায়িক সম্ভাৱনীয়তা বৃদ্ধিৰ লক্ষ্যৰে AAUৰ উদ্যোগত ক্রেতা-বিক্রেতা সমাৰোহ...

অপহৰণ কাণ্ড শৰাইঘাট