কৃষিক্ষেত্ৰত ব্যৱসায়িক সম্ভাৱনীয়তা বৃদ্ধিৰ লক্ষ্যৰে AAUৰ উদ্যোগত ক্রেতা-বিক্রেতা সমাৰোহ...

ব্যৱসায়িক মনেৰে কৃষিৰ চিন্তাধাৰাৰে নিজকে গঢ় দিব লাগিব - ড০ বিদ্যুৎ চন্দন ডেকা
কৃষিক্ষেত্ৰত ব্যৱসায়িক সম্ভাৱনীয়তা বৃদ্ধিৰ লক্ষ্যৰে AAUৰ উদ্যোগত ক্রেতা-বিক্রেতা সমাৰোহ...
কৃষিক্ষেত্ৰত ব্যৱসায়িক সম্ভাৱনীয়তা বৃদ্ধিৰ লক্ষ্যৰে AAUৰ উদ্যোগত ক্রেতা-বিক্রেতা সমাৰোহ...

ডিজিটেল সংবাদ যোৰহাটঃ ''কৃষিক লৈ তথ্য সজাগতা লাগিব। ব্যৱসায়িক মনেৰে কৃষিৰ চিন্তাধাৰাৰে নিজকে গঢ় দিব লাগিব। কৃষিত লাভৰ বিশ্বাসযোগ্য দিব পাৰিলে কৃষিৰ ক্ষেত্ৰত অধিক আগবাঢ়িব পৰা যাব।'' অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মাণ্ডলিক গৱেষণা কেন্দ্ৰ ছিলঙনিত, নগাঁৱত আজি অনুষ্ঠিত ক্রেতা-বিক্রেতা সমাৰোহত এই মন্তব্য আগবঢ়ায় অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই।

অসমত বৈজ্ঞানিক খেতিৰ প্ৰসাৰৰ জৰিয়তে ৰেপচিড-সৰিয়হৰ মূল্য শৃংখল বিকাশৰ মেগা প্ৰজেক্টৰ অধীনত আয়োজিত এই অনুষ্ঠানত উপাচাৰ্য ড০ ডেকাই লগতে কয় যে কৃষিৰ অধিক সামৰ্থতাৰ বাবে শিক্ষিত সকল কৃষিৰ বাবে আগবাঢ়িব লাগিব। কিয়নো আহি থকা ৫০ বছৰত অন্য ক্ষেত্ৰতকৈ কৃষি ক্ষেত্ৰত বেছি উন্নতি হ'ব। শিক্ষা গৱেষণা আৰু সম্প্ৰসাৰণৰ উপৰিও কৃষকৰ সৈতে বেছি ওচৰ চাপিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ে এনে কিছু আঁচনি লৈছে যাৰ জৰিয়তে প্ৰযুক্তিৰ সৈতে বেছি ওচৰ চপাবলৈ, ব্যৱসায়িক ভাৱে অসম কৃষি বিশ্ববিদ্যালয়ক আগবঢ়াই নিবলৈ, নিজাকৈ ট্ৰেড মাৰ্ক সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠা ৰ বাবে পদক্ষেপ হাতত লোৱা হৈছে।

কিয়নো ব্ৰেণ্ড নাথাকিলে ভাল বস্তু হ'লেও বিক্ৰী নহ'ব পাৰে, স্বীকৃতিপ্ৰাপ্ত সামগ্ৰী পাবৰ বাবে, ই মাৰ্কেটিঙৰ প্লেটফৰ্ম সৃষ্টিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে গৱেষণা সম্প্ৰসাৰণৰ লগতে ব্যৱসায়ৰ সুযোগ সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আই চি আৰ-ৰেপচিড-সৰিয়হ গৱেষণা সঞ্চালকালয়, ভাৰতপুৰ, ৰাজস্থানৰ সঞ্চালক ড০ পি কে ৰায়ে কয় যে, তৈলবীজ বা তৈল জাতীয় শস্যৰ আদ্ৰতা সঠিক মাত্ৰাত ৰখাটো অতি প্ৰয়োজনীয়। সঠিক আদ্ৰতাত ৰাখিব পাৰিলেহে উন্নত মানদণ্ডৰ তেল উৎপাদন সম্ভৱ। সেয়েহে এই দিশত গুৰুত্ব দি নতুন নতুন উদ্ভাৱনী কাৰিকৰী প্ৰযুক্তি কৌশলক বিজ্ঞানী সকলে কৃষকৰ মাজলৈ নিয়াত গুৰুত্ব দিব লাগিব। এই ক্ষেত্ৰত নেতৃত্বত থকাসকলে বিশেষ ভূমিকা গ্ৰহণ কৰা প্ৰয়োজন।

কৃষিক্ষেত্ৰত ব্যৱসায়িক সম্ভাৱনীয়তা বৃদ্ধিৰ লক্ষ্যৰে AAUৰ উদ্যোগত ক্রেতা-বিক্রেতা সমাৰোহ...
শুকুৰবাৰে এক্সত মোডীক সমালোচনাঃ শনিবাৰে পুৱাই আপ নেতাৰ ঘৰত ইডিৰ অভিযান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in