কৌশলেৰে ATM সলনি কৰি শিক্ষকৰ পৰা দুৰ্বৃত্তই লুটিলে ১ লাখ ৪০ হাজাৰ টকা...

গুৱাহাটীৰ নাৰেংগীৰ এ টি এমত দুই যুৱকে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ
কৌশলেৰে ATM সলনি কৰি শিক্ষকৰ পৰা দুৰ্বৃত্তই লুটিলে ১ লাখ ৪০ হাজাৰ টকা...
কৌশলেৰে ATM সলনি কৰি শিক্ষকৰ পৰা দুৰ্বৃত্তই লুটিলে ১ লাখ ৪০ হাজাৰ টকা...

ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটী মহানগৰীত কৌশলেৰে দুৰ্বৃত্তই এ টি এমৰ পৰা উঠাই নিলে এজন ব্যক্তিৰ ধন। মহানগৰীৰ নাৰেংগীত সংঘটিত হৈছে এই ঘটনা। এজন শিক্ষকৰ পৰা কৌশলেৰে দুৰ্বৃত্তই লুটিলে মুঠ ১ লাখ ৪০ হাজাৰ টকা।

জানিব পৰা মতে মহানগৰীৰ গীতানগৰৰ গুৰুকুল গ্ৰামাৰ স্কুলৰ সমীপৰ বাসিন্দা তথা শিক্ষক দিবাকৰ বৈশ্যই নাৰেংগীস্থিত এছ বি আইৰ এ টি এমৰ পৰা টকা উলিয়াবলৈ গৈছিল। তেওঁ নিজৰ এ টি এমখনৰ জৰিয়তে ৩ হাজাৰ টকা প্ৰথমে উলিয়াই।

সেই সময়ত তেওঁৰ পাছফালে আছিল আন দুজন যুৱক। দুয়ো যুৱকে সকলো নিৰীক্ষণ কৰি আছিল। টকাখিনি উলিয়াই তেওঁ আহিবৰ সময়তে যুৱক দুজনে তেওঁক উদ্দেশ্যি কয়, আপোনাৰ এ টি এমৰ বাবে মেচিনৰ স্ক্ৰীনৰ পৰা তথ্য খিনি ডিলিট হোৱা নাই। আকৌ এবাৰ কাৰ্ডখন ভৰাই তথ্যখিনি কেঞ্চল কৰি দিয়ক।

সেই মতেই শিক্ষক বৈশ্যই কাৰ্ডখন আকৌ এবাৰ এ টি এমত ভৰাই তথ্যখিনি কেঞ্চেল কৰে। তেনে সময়তে কৌশলেৰে দুয়ো যুৱকে কাৰ্ডখন সলনি কৰে। দিবাকৰ বৈশ্যক বিশ্বাস জন্মাবৰ বাবেই যুৱকদুজনে নিজৰ কাৰ্ডখন এ টি এমত ভৰাই স্ক্ৰীনত মিণি ষ্টেটমেণ্ট প্ৰত্যক্ষ কৰাই সেই ঠাইৰ পৰা উধাও হয়।

কিন্তু দিবাকৰ বৈশ্যই ঘৰলৈ গৈ তেওঁৰ বেংকত জমা থকা প্ৰায় চাৰি লাখ টকাৰ বিপৰীতে ১.৪০ লাখ টকা উলিওৱা মেচেজ প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে। লগে লগেই তেওঁৰ হাতত থকা কাৰ্ডখন চাই দেখে যে, উক্ত কাৰ্ডখনৰগৰাকী তেওঁৰ পৰিবৰ্তে প্ৰতাপ তালুকদাৰৰ নামৰ আন এজনহে।

ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত ভুক্তভোগী লোকজনে তৎকালীনভাবে নুনমাটি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

কৌশলেৰে ATM সলনি কৰি শিক্ষকৰ পৰা দুৰ্বৃত্তই লুটিলে ১ লাখ ৪০ হাজাৰ টকা...
'নিজকে দেশভক্ত বুলি কোৱা জনে এক্স-ৰে'লৈ ভয় কৰে'- ৰাহুল গান্ধী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in