'নিজকে দেশভক্ত বুলি কোৱা জনে এক্স-ৰে'লৈ ভয় কৰে'- ৰাহুল গান্ধী

জৱাহৰ ভৱনত ৰাহুল গান্ধীৰ সংবাদ মেল, জাতিগত পিয়লক লৈ মোডীক আক্ৰমণ
'নিজকে দেশভক্ত বুলি কোৱা জনে এক্স-ৰে'লৈ ভয় কৰে'- ৰাহুল গান্ধী
'নিজকে দেশভক্ত বুলি কোৱা জনে এক্স-ৰে'লৈ ভয় কৰে'- ৰাহুল গান্ধী

ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী সভাত কংগ্ৰেছৰ ইস্তাহাৰ আৰু কংগ্ৰেছ নেতাৰ বক্তব্যক আধাৰ কৰি দলটোক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী সভাত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক কেন্দ্ৰ কৰি কৈছিল, তেওঁলোকে কয় দেশৰ এক্স-ৰে' কৰিব। কংগ্ৰেছ ক্ষমতালৈ আহিলে দেশৰ নাগৰিকৰ সম্পত্তি জব্দ কৰিব আৰু তেওঁলোকৰ সমগ্ৰ জীৱনত আৰ্জিত সম্পত্তি জব্দ কৰিবলৈ সমীক্ষা চলাব।

তেওঁ লগতে কৈছিল, কংগ্ৰেছে আপোনালোকৰ সম্পত্তি কাঢ়িব আৰু আপোনালোকক বিতাৰিত কৰাৰ কৌশল ৰচনা কৰিছে। মই তেওঁলোকৰ এই কৌশল উন্মোচিত কৰাত ইমানেই খং উঠিল যে মোক গালি পাৰিবলৈ আৰম্ভ কৰিছে।

মোডীৰ এনে বক্তব্যৰ পাছতে বুধবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দিল্লীৰ জৱাহৰ ভৱনত এক সংবাদ মেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীক উভতি ধৰিছে। ৰাহুলে কয়, নিজকে দেশভক্ত বুলি কোৱা জনে এতিয়া এক্স-ৰে'লৈ ভয় কৰিছে।

ৰাহুল গান্ধীয়ে কয়, মই জাতিৰ ভিত্তিত লোকপিয়লৰ কথা ক’লো, এক্স-ৰে'ৰ কথা ক'লো, সকলোৱে ক'বলৈ আৰম্ভ কৰিছে দেশত জাতি নাই। যদি দেশত জাতি নাই তেন্তে আপোনালোক কেনেকৈ অ'বিচি হ'ল? তেওঁলোকে কয়, দেশত দুটাই জাতি আছে, ধনী আৰু দুখীয়া। মই কওঁ, ধনী আৰু দুখীয়াক ভাগ কৰি পেলাওক। দুখীয়াৰ তালিকাত অ' বি চি আৰু এছ টি, এছ টি পাব আৰু ধনীৰ তালিকাত এজনো অ' বি চি, এছ টি, এছ চি নাপাব।

ৰাহুলে লগতে কয়, সংবাদ মাধ্যমত মোৰ বিষয়ে তেওঁলোকে কয়, মই ৰাজনীতিলৈ আগ্ৰহী নহয়। মই ছিৰিয়াছ নহয়। MNREGA, চাকৰি আদি গুৰুতৰ নহয়। অমিতাভ বচ্চন, ঐশ্বৰ্য ৰায়, বিৰাট কোহলীহে গুৰুতৰ। যেতিয়াই কোনোবাই '৯০ শতাংশ'ৰ কথা কয় তেতিয়াই তেওঁ গুৰুত্বহীন হৈ পৰে।

গান্ধীয়ে কয়, জাতিগত লোকপিয়ল আৰু সামাজিক ন্যায় মোৰ বাবে ইছ্যু নহয়। কিন্তু ই মোৰ জীৱনৰ এক অভিযান। কোনো শক্তিয়ে জাতিগত লোকপিয়ল বন্ধ কৰিব নোৱাৰে। মোডীয়ে নিজকে ১০ বছৰ ধৰি অ' বি চি বুলি কৈ আহিছিল। কিন্তু যেতিয়া মই জাতিগত লোকপিয়লৰ কথা কৈছিলোঁ, তেওঁ কৈছিল যে, কোনো জাতি নাই।

ৰাহুলে কয়, দেশৰ ৰাষ্ট্ৰপতি এগৰাকী জনজাতীয়, 'হেড অফ দ্যা ষ্টেট'। যেতিয়া নতুন সংসদ ভৱন উদ্বোধন কৰাৰ কথা আহিল তেতিয়া তেওঁক আমন্ত্ৰণ জনোৱা হোৱা নাছিল। ৰাম মন্দিৰতো একেই কৰা হ'ল।

তেওঁ কয়, মই জাতিগত বিষয়টোত আগ্ৰহী নহয়। ন্যায়ক লৈহে আগ্ৰহী। দেশৰ ৯০ শতাংশ লোকৰ লগত ভয়ংকৰভাৱে অন্যায় হৈ আছে। সেয়ে এক্স-ৰে' সম্পন্ন কৰক। কিমান অন্যায় হৈ আছে চাওঁ আহক।

'নিজকে দেশভক্ত বুলি কোৱা জনে এক্স-ৰে'লৈ ভয় কৰে'- ৰাহুল গান্ধী
''কংগ্ৰেছ কি লুট জিন্দেগী কে' ছাথ ভি, জিন্দেগী কে' বাদ ভি''- নৰেন্দ্ৰ মোডী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in