Advertisment

কাৰ্যালয় চলি থকাৰ সময়তে খহি পৰিল ছাদ...

লামডিং ডাক বিভাগৰ কাৰ্যালয়ত অঘটন

author-image
Asomiya Pratidin
New Update
কাৰ্যালয় চলি থকাৰ সময়তে খহি পৰিল ছাদ...

কাৰ্যালয় চলি থকাৰ সময়তে খহি পৰিল ছাদ...

ডিজিটেল সংবাদ লামডিংঃ লামডিঙত অঘটন। কৰ্মচাৰীয়ে কাম কৰি থকাৰ সময়তে খহি পৰিল কাৰ্যালয়ৰ ছাদ। কথমপি কেইবাজনো লোকৰ প্ৰাণ ৰক্ষা যদিও কাৰ্যালয়ৰ কম্পিউটাৰকে ধৰি বিভিন্ন সামগ্ৰীৰ বিস্তৰ ক্ষতি হৈছে।

Advertisment

মঙ্গলবাৰে লামডিংস্থিত ডাক বিভাগৰ কাৰ্যালয় চলি থকাৰ সময়তে হঠাৎ খহি পৰে ছাদখন। পূৰ্বৰে পৰা জৰাজিৰ্ণ হৈ আছিল কাৰ্যালয়টোৰ এই ছাদখন। ইয়াৰ পূৰ্বে ৩ বাৰকৈ মেৰামতি কৰা হৈছিল যদিও ঠিকাদাৰে সঠিকভাৱে সেই কাম নকৰাৰ বাবেই আজি পুনৰ এই ছাদখনৰ এটা অংশ খহি পৰে।

সেই সময়ত কাৰ্যালয়টোত কেইবাজনো কৰ্মচাৰীয়ে কাম কৰি আছিল যদিও সৌভাগ্যক্ৰমে তেওঁলোক ৰক্ষা পৰে। কিন্তু কাৰ্যালয়টোৰ কম্পিউটাৰকে ধৰি একাধিক সামগ্ৰি ছাদৰ খহি পৰা অংশত ক্ষতিগ্ৰস্ত হৈছে।

এই ঘটনাই সংকিত হৈ পৰিছে কাৰ্যালয়টোৰ কৰ্মচাৰীসকল। কাৰ্যালয়টোৰ ভিতৰত সোমাই কিদৰে কাম কৰিব তাক লৈও চিন্তিত হৈ পৰিছে। শীঘ্ৰেই এই কাৰ্যালয়টো সঠিক আৰু বিজ্ঞানসন্মতভাৱে মেৰামতি নকৰে তেন্তে পুনৰ যে এনে ঘটনাৰ সন্মুখীন হ'ব লাগিব সেয়া নিশ্চিত।

Also Read: ভাৰত ভূটান সীমান্তত পথ দুৰ্ঘটনাঃচাইকেল আৰোহী নিহত

লামডিং