/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/1674bce0-25e1-4ef3-aea9-11a3dd4f25da/pijush_25.jpg)
কলাজল নৈৰ আৰু দৰং জিলাৰ বান-খহনীয়া সমাধানৰ বাবে বিশেষজ্ঞৰে বৈঠক মন্ত্ৰী পীযুষ হাজৰীকাৰ
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনস্থিত নিজা কাৰ্যালয়ৰ সভাকক্ষত বিভাগীয় এখন গুৰুত্বপূর্ণ বৈঠকত অধ্যক্ষতা কৰে। আই আই টি গুৱাহাটীৰ অধ্যাপক ৰাজীৱ ভট্টাচাৰ্য আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক বিভাষ শৰ্মাৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আৰু আন অভিযন্তাসকলৰ সৈতে কমলপুৰ সমষ্টিৰ কলাজল নৈৰ বান নিয়ন্ত্ৰণৰ উপায় সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে।
বিশেষজ্ঞ দুগৰাকীৰ পৰা মন্ত্ৰী হাজৰীকাই কলাজল নৈৰ বান নিয়ন্ত্ৰণৰ উপায়ৰ বিষয়ে জানিব বিচৰাত প্ৰাথমিক অধ্যয়নৰ ফলস্বৰূপে তেওঁলোকে কলাজলত মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত কাৰীকৰি সমস্যা থকাৰ কথা উল্লেখ কৰে। কিন্তু নৈপৰীয়া ৰাইজে সন্মুখীন হৈ অহা সমস্যাৰ পৰা তেওঁলোকক সকাহ দিব পৰাকৈ বিভাগে কৰিব পৰা কামৰ বিষয়ে মন্ত্ৰী হাজৰীকাই তেওঁলোকক জনাবলৈ আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/59bb0cb8-0c11-4527-ab72-dab3522e556a/d6dfa53c-0560-4098-843d-98769c0c7b28.jpg)
আনহাতে এই বিষয়ে এক বিস্তৃত অধ্যয়ন কৰিবলৈ আই আই টি গুৱাহাটীক কৰ্তৃত্ব প্ৰদান কৰাৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে আজিৰ আলোচনাতে ব্যক্ত কৰে। তেওঁলোকৰ অধ্যয়নৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কলাজলৰ বান নিয়ন্ত্ৰণৰ বিষয়ে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে। আনহাতে দৰং জিলাই সঘনে সন্মুখীন হৈ থকা বানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কেনেধৰণে কাম কৰিব পৰা যায় সেই বিষয়েও আজি আলোচনা কৰা হয়।
জিলাখনত নৈৰ উন্মুক্ত তথা মথাউৰি বনাব পৰা স্থানসমূহত মথাউৰি নিৰ্মাণ কৰা হ’ব বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই এই ক্ষেত্ৰত বিভাগক প্ৰয়োজনীয় পদক্ষেপ হাতত ল’বলৈ আহ্বান জনায় । আনহাতে আজিৰ সভাতে মন্ত্ৰী হাজৰীকাই অসমৰ বান সমস্যাৰ সুদূৰপ্ৰসাৰী সমাধানৰ বিষয়ে বিস্তৃত অধ্যয়নৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e307a480-5013-45a4-a0c4-2d5a12f482e8/2b538bd1-41d4-4520-bb5c-c49e6e826425.jpg)
মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ যি পদ্ধতিৰে বিভাগে বান নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়াস কৰি আছে তাৰ সমান্তৰালভাৱে ৰাজ্যখনৰ বান সমস্যাৰ দীৰ্ঘম্যাদী আৰু সুদূৰপ্ৰসাৰী সমাধানৰ বাবে এক বিস্তৃত অধ্যয়নৰ প্ৰয়োজনীয়তা আহি পৰিছে। প্ৰয়োজন হ’লে কিছু সময় হাতত লৈ আই আই টি গুৱাহাটী অথবা কোনো নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ জড়িয়তে ৰাজ্যখনৰ বান আৰু খহনীয়া সমস্যাৰ সুদূৰপ্ৰসাৰী সমাধান সূত্ৰ বিচাৰি অধ্যয়ন কৰোৱা অতিকে জৰুৰী হৈছে বুলি উল্লেখ কৰি জলসম্পদ বিভাগে এই ক্ষেত্ৰত বিভাগক প্ৰয়োজনীয় ব্যৱস্থা হাতত ল’বলৈ নিৰ্দেশ দিয়ে।
তেওঁ কয় যে চৰকাৰে বিগত ৫০ ৰপৰা ৬০ বছৰৰ পৰা বান নিয়ন্ত্ৰণৰ বাবে মথাউৰি, শ্লুইছগেট নিৰ্মাণ আদি পৰম্পৰাগতভাৱে পদ্ধতিৰে বান নিয়ন্ত্ৰণৰ ব্যৱস্থা লৈ আহিছে | তেও আৰু কয় যে পৰিৱৰ্তিত সময়ত আধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়েৰে কেনেদৰে বান আৰু খহনীয়া নিয়ন্ত্ৰণ কৰিব পাৰি সেই বিষয়ে বিস্তৃত অধ্যয়ন কৰি ক্ৰমান্নয়ে তাক কাৰ্যকৰী কৰাৰ সময় এতিয়া আহি পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6432bbbb-7479-4ea3-8c9a-4e5cd27e6222/89bd5f32-24ee-4516-af5e-7537fb40ebc8.jpg)
আজিৰ এই বৈঠকত কমলপুৰ আৰু ছিপাঝাৰৰ বিধায়কদ্বয় ক্ৰমে দিগন্ত কলিতা আৰু পৰমানন্দ ৰাজবংশীও উপস্থিত আছিল । জনতা ভৱনতে আজিৰ আন এখন বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকাই বিভাগৰ মুখ্য অভিযন্তা আৰু জ্যেষ্ঠ অভিযন্তাসকলৰ উপস্থিতিত অহা বৰ্ষত ৰাজ্যখনৰ বিভিন্ন জিলাত নিৰ্মাণ হ’ব লগা মথাউৰিসমূহৰ বিষয়েও বুজ লয়।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে অহা বছৰ ৰাজ্যখনত প্ৰায় ১৫০ কিল’মিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ’ব। এই মথাউৰিসমূহ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰাথমিকতা অনুসৰি কাম কৰিবলৈ আহ্বান মন্ত্ৰী হাজৰীকাৰ |
Also Read: ৰেহাই নাপালে কেজৰিৱালেঃ জামিনত স্থগিতাদেশ জাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ...