/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/4a156f07-7df0-4655-bfa7-438ca6990327/AP_FOR_WEB_kejriwal_.jpg)
ৰেহাই নাপালে কেজৰিৱালেঃ জামিনত স্থগিতাদেশ জাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ...
ডিজিটেল ডেস্কঃ জামিন নাপালে অৰবিন্দ কেজৰিৱালে। তিহাৰ কাৰাগাৰতেই থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে আবকাৰী নীতিৰ গোচৰত ৰাউজ এভিনিউ আদালতে প্ৰদান কৰা জামিনত স্থগিতাদেশ জাৰি কৰিছে।
২০ জুনত দিল্লীৰ ৰাউজ এভিনিউ আদালতে মুখ্যমন্ত্ৰীগৰাকীক জামিন প্ৰদান কৰাৰ পিছতেই ইডিয়ে দিল্লীৰ উচ্চ ন্যায়ালয়ত এই জামিনৰ বিৰোধিতা কৰিছিল। ইডিৰ আবেদনত সন্মতি প্ৰকাশ কৰি উচ্চ ন্যায়ালয়ে কেজৰিৱালৰ জামিনত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰে।
উল্লেখ্য যে কেজৰিৱালে উচ্চতম ন্যায়ালয়তো জামিনৰ বাবে আবেদন দাখিল কৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে দিল্লীৰ উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতহে কেজৰিৱালৰ শুনানি গ্ৰহণ কৰিব।
প্ৰায় ৬০০কোটি টকাৰ সুৰা কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খোৱাত ইডিয়ে ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। প্ৰথমে ৯ বাৰকৈ ইডিয়ে চমন দিয়াৰ পাছতো অৰবিন্দ কেজৰিৱাল উপস্থিত নোহোৱাত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক চৰকাৰী বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। বৰ্তমান তিহাৰ জেলতে আছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।
Also Read: প্ৰথমবাৰৰ বাবে লোকসভাত অনুষ্ঠিত হ'ব অধ্যক্ষৰ নিৰ্বাচন !