/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/8cdb9c1b-3966-4ee6-9adb-61f21d84e0a7/p8.jpg)
ডিজিটেল ডেস্কঃ অসম দক্ষতা বিকাশ অভিযানৰ কাৰ্যালয়ত শুকুৰবাৰে উত্তৰ পূৰ্বাঞ্চল দক্ষতা কেন্দ্ৰৰ বিদায়ী ছাত্ৰ-ছাত্ৰীৰ সৈতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এক আলোচনা চক্ৰত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰে। দেশৰ বিভিন্ন সুনামধন্য সংস্থাসমূহত কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিবলৈ সক্ষম হোৱা এই বিদায়ী ছাত্ৰ-ছাত্ৰীসকলক অধিক প্ৰেৰণা যোগাই মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/2d29b659-3d6c-4f96-a4fb-52dbbd3ccc1f/e5a421e4_b950_4dad_9d42_5e4a3c86e87c.jpg)
তেওঁ কয় যে এই কেন্দ্ৰৰ যোগেদি শিক্ষা গ্ৰহণ কৰা ৯৫% শিক্ষাৰ্থীয়ে বিভিন্ন ক্ষেত্ৰত কৰ্ম সংস্থাপনৰ সুবিধা লাভ কৰাৰ লগতে ১৬ গৰাকী শিক্ষাৰ্থীয়ে বিদেশত নিযুক্তি লাভ কৰিছে যিটো নিশ্চিতভাৱে এক গৌৰৱৰ কথা। তেওঁ লগতে কয় যে, অসম দক্ষতা বিশ্ববিদ্যালয়ৰ যোগেদি অহা ৪-৫ বছৰৰ ভিতৰত আৰু অধিক দক্ষতাসম্পন্ন শিক্ষাৰ্থীক কৰ্ম সংস্থাপনৰ পথ মুকলি কৰি দিয়াৰ বাবে চৰকাৰ দায়বদ্ধ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/e8032b79-c73b-4da8-a27e-180e1ea8f4cc/1534508c_64f8_4b41_8b84_81c2c56d5d2d.jpg)
অসমত দক্ষতা বিকাশৰ ওপৰত লোৱা পদক্ষেপৰ কথা উল্লেখ কৰি মন্ত্ৰী বৰুৱাই কয়," অসম চৰকাৰে উপৰোক্ত বিষয়ত আৰু অধিক অগ্ৰগতি লাভ কৰাৰ উদ্দেশ্যে তাজৰ লগত hospitality ক্ষেত্ৰত, L&T ৰ লগত নিৰ্মাণকাৰ্যৰ কাৰিকৰৰ বাবে, টাটাৰ লগত পলিটেকনিক কলেজ ইত্যাদি কাম কাজৰ পৰিকল্পনা কৰিছে যিয়ে ভৱিষ্যতে অসমৰ দক্ষতা বিকাশৰ ক্ষেত্ৰখন আৰু অধিক বিকশিত কৰিব।
উল্লেখ্য যে দক্ষতা নিয়োগ আৰু উদ্যোগীকৰণ বিভাগৰ তত্বাৱধানত অসম দক্ষতা বিকাশ অভিযানে (এ এছ ডি এম) স্থাপন কৰা উত্তৰ-পূৱ দক্ষতা কেন্দ্ৰ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে এক অনন্য দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান। ২০১৯ চনৰ পৰা এই প্ৰতিষ্ঠানে উচ্চাকাংক্ষী ছাত্ৰ-ছাত্ৰীসকলক কেৱল ৰাষ্ট্ৰীয় নহয় বৰঞ্চ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ বাবেও উদ্যোগৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ দক্ষ আৰু সমল ব্যক্তি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈ আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/8d2070c4-e612-4894-a60a-9bb0b602faf1/528fbcca_1e7c_47b9_9d1d_d1fa3d3ed271.jpg)
ইয়াৰোপৰি আৰম্ভণিৰ পৰাই এই প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলে দেশৰ লগতে বহি: ৰাজ্যটো কৰ্ম সংস্থাপনৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে চীডৰ প্ৰধান সচিব ড° বি কল্যান চক্ৰৱৰ্তী;অসম দক্ষতা বিকাশ মিছনৰ মিছন সঞ্চালক অংকুৰ জৈন; আঞ্চলিক পাছপ’ৰ্ট বিষয়া চেৰাকুং জেলিয়াং আৰু আন বহুতো বিশিষ্ট গণ্যমান্য ব্যক্তি।
Also Read: গোলাঘাটত অনুষ্ঠিত কৃষক মেলাৰ সফল সামৰণি