গোলাঘাটত অনুষ্ঠিত কৃষক মেলাৰ সফল সামৰণি

মেলাত কৃষিজাত সামগ্ৰীৰ উপৰিও কৃষক বিজ্ঞানীৰ জ্ঞানৰ আদান প্ৰদানৰ এক মনোজ্ঞ আলোচনা, ক্ৰেতা বিক্ৰেতা সমাৰোহৰ লগতে কৃষি, পশুপালন, মীন পালন,ৰেচম আদি বিভাগৰ সন্দৰ্ভত ভিন ভিন আলোচনা চক্ৰৰ অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
গোলাঘাটত অনুষ্ঠিত কৃষক মেলাৰ সফল সামৰণি

ডিজিটেল সংবাদ,গোলাঘাটঃ কৃষি প্ৰযুক্তি ব্যবস্থাপনা সংস্থা,(Agricultural Technology Management Agency)ATMA গোলাঘাট জিলাৰ সৌজন্যত ২৩ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা কৃষক মেলাৰ শুকুৰবাৰে সামৰণি পৰে। গোলাঘাট জিলা পুথিভঁৰালৰ সমীপত অনুষ্ঠিত হোৱা এই কৃষক মেলাত কৃষিজাত সামগ্ৰীৰ উপৰিও কৃষক বিজ্ঞানীৰ জ্ঞানৰ আদান প্ৰদানৰ এক মনোজ্ঞ আলোচনা, ক্ৰেতা বিক্ৰেতা সমাৰোহৰ লগতে কৃষি, পশুপালন, মীন পালন,ৰেচম আদি বিভাগৰ সন্দৰ্ভত ভিন ভিন আলোচনা চক্ৰৰ অনুষ্ঠিত হয়।

Advertisment

এই কৃষক মেলাখনৰ আনুষ্ঠানিকভাবে ফিটা কাটি মুকলি কৰে ছহিদ জিন্তু গগৈৰ পিতৃ ঠগিৰাম গগৈয়ে। শুকুৰবাৰে মুকলি সভা আৰু বটাঁ বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। উপস্থিত থাকে গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত ড°সংগীতা বৰঠাকুৰ,প্ৰবীণ কৃষক টংক বৰা আদি ।

কৃষক মেলা উদযাপন সমিতিৰ সম্পাদক তথা আটমা, গোলাঘাটৰ মহকুমা কৃষি বিষয়া আৰু উপ  প্ৰকল্প সঞ্চালক ৰঞ্জন বৰুৱা আৰু উদযাপন সমিতিৰ সভাপতি ,জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মা ,কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সন্থা গোলাঘাট জিলাৰ উপ প্ৰকল্প সঞ্চালক তপন কুমাৰ মহন্তই সকলোকে অনুষ্ঠান সফলতা কৰাত সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

Also Read: বৈকুন্ঠপুৰীলৈ ৰূপান্তৰিত হ'ল জামুগুৰিহাটৰ পাচিগাঁৱৰ বাসুদেৱ থান অঞ্চল

fair farmer agriculture