/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/b3e4de09-0e57-4ab9-9539-d4f7f8d3facf/Jayanta_Malla_Baruah.jpg)
ডিজিটেল সংবাদ, কামৰূপ : কামৰূপ জিলাৰ পচৰীয়াত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শুকুৰবাৰে জলদূত কাৰ্যসূচীৰ অন্তর্গত "জলশালা" উন্মোচন কৰে। জলদূত কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে অষ্টমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত নিষ্ঠাবান স্বেচ্ছাসেৱকৰ নেটৱৰ্ক গঢ়ি তোলা। জলদূত পদক্ষেপ সন্দৰ্ভত দিয়া ভাষণত মন্ত্ৰী বৰুৱাই কয় যে, "এই জলদূত পদক্ষেপে আমাৰ ৰাজ্যত অনন্য আৰু দেশৰ বাকী ৰাজ্যই ইয়াক আমাৰ পৰা আৰ্হি হিচাপে গ্ৰহণ কৰিব পাৰে"।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/76994e99-a4b8-4877-849d-0536f5f853d6/WhatsApp_Image_2023_05_19_at_4_36_18_PM.jpeg)
তেওঁ লগতে উল্লেখ কৰে যে, এই ধৰণৰ পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলক সমাজৰ উন্নয়নৰ বাবে কাম কৰিবলৈ উৎসাহিত কৰে। অসমত জে জে এমৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে, "ইতিমধ্যে ৫০% লোকে এফ এইচ টি চিৰ জৰিয়তে বিশুদ্ধ খোৱাপানী লাভ কৰিছে আৰু আমি অতি সোনকালে ১০০% কভাৰেজৰ দিশত আমাৰ কাম-কাজ আগবঢ়াইছো"। জে জে এম-এ বিশুদ্ধ খোৱাপানী নিশ্চিত কৰিব যাৰ যোগেদি বহুতো পানীজনিত ৰোগ বহু পৰিমাণে হ্ৰাস পাব বুলিও তেওঁ উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/6cfc003e-ede0-42ad-80f5-557dc2f589e7/WhatsApp_Image_2023_05_19_at_4_36_19_PM.jpeg)
জলশালাসমূহে পানী সংৰক্ষণ, ওৱাচ আৰু পানীৰ গুণগত মান, পানী যোগান আঁচনি, ৰাইজৰ অংশগ্রহণ আৰু নলযোগে বিশুদ্ধ পানী যোগান আঁচনি সম্পর্কে সজাগতাৰ ক্ষেত্ৰত গুৰুত্ব দিব। ইয়াৰ বাবে ৰাজ্যজুৰি ৭ হাজাৰতকৈ অধিক জলশালাত ২ লাখ বিদ্যার্থীক জলদূত হিচাপে দুদিনীয়া প্রশিক্ষণ দিয়া হ'ব। জনগণৰ মাজত সজাগতা আনিবলৈ অনুষ্ঠানত জল জীৱন মিছনৰ এটা 'থিম ছং' মুকলি কৰা হয় আৰু পানীৰ গুণাগুণ নিৰ্ণয় কৰিবলৈ 'জলদূত কিট' প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/c1f482d1-42e2-466b-9ab6-2b465223dcaa/WhatsApp_Image_2023_05_19_at_4_36_17_PM.jpeg)
শুকুৰবাৰে অনুষ্ঠানত সাংসদ কুইন ওজাই, পি এইচ ই ডিৰ বিশেষ সচিব দিগন্ত বৰুৱা, জল জীৱন মিছনৰ এম.ডি. কৈলাশ কার্তিক, কামৰূপৰ উপায়ুক্ত কীর্তি জল্লী, পি এইচ ই ডি(পানী)-ৰ মুখ্য অভিযন্তা দিব্যজ্যোতি দুৱৰা, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী তথা বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/9b8dadd2-c662-47d3-92ce-f5bae287d28b/WhatsApp_Image_2023_05_19_at_4_36_21_PM.jpeg)
Also Read: ঢকুৱাখনাৰ মহকুমাধিপতি ৰূপে কাৰ্তিক কলিতাৰ কাৰ্যভাৰ গ্ৰহণ...