/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/9e6336ab-860b-4ae6-aa3d-fc1fe08f41dc/Mahakumadhipati.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : অসম অসামৰিক সেৱাৰ বিষয়া কাৰ্তিক কলিতাই শুকুৰবাৰে ঢকুৱাখনা মহকুমাৰ ২১ সংখ্যক মহকুমাধিপতি হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে মাজুলী জিলাত অতিৰিক্ত উপায়ুক্ত হিচাবে প্ৰশাসনীয় সেৱা আগবঢ়াই যোৱা কলিতাক ৰাজ্য চৰকাৰে লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাবে বদলি কৰি ঢকুৱাখনা মহকুমাত ভাৰপ্ৰাপ্ত মহকুমাধিপতি হিচাবে অতিৰিক্ত দায়িত্বৰে নিযুক্তি দিছে।
শুকুৰবাৰে দুপৰীয়া প্ৰায় ১১ বজাত ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা শেহতীয়া ভাবে অতিৰিক্ত উপায়ুক্ত হিচাবে পদোন্নতি লাভ কৰা ৰাহুল দলেৰ পৰা মহকুমাধিপতিৰ কাৰ্যভাৰ কাৰ্তিক কলিতাই আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰে। ঢকুৱাখনা মহকুমা প্ৰশাসনত মহকুমা নিৰ্বাচনী বিষয়া হিচাবে ইতিপূৰ্বে জনমুখী সেৱা আগবঢ়াই যোৱা কলিতাৰ সুদক্ষ প্ৰশাসনিক দক্ষতাত স্থিতাৱস্থামুখী প্ৰশাসনীয় ব্যৱস্থাটোৱে নতুন গতিশীলতা লাভ কৰিব বুলি মহকুমাবাসীয়ে আশা প্ৰকাশ কৰিছে ।
শুকুৰবাৰে কাৰ্যভাৰ গ্ৰহণ পৰ্বত ৰাজহ চক্ৰ বিষয়া ৰাহুল দলে, সহকাৰী আয়ুক্ত অভিজাত বৰুৱা, মানস জ্যোতি দাস, মুখ্য সহায়ক ধীৰেন ফুকনকে ধৰি বহু কেইগৰাকী বিষয়া কৰ্মচাৰী উপস্থিত থাকি নৱনিযুক্ত মহকুমাধিপতি গৰাকীক আদৰণি জনায়।
Also Read: ভাৰতীয় সাৰ সংস্থাৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত ড° শিৱ প্ৰসাদ মহান্তি...