/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/81fbd7e8-168b-44de-8a61-a276043328fe/jb.jpg)
ডিজিটেল ডেস্কঃ হেমকোষৰ ব্ৰেইল সংস্কৰণৰ বাবে অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱালৈ সম্বৰ্ধনা। বৃহস্পতিবাৰে মিডিয়া ট্ৰাষ্ট অসমে সাদিন-প্ৰতিদিন কাৰ্যালয়লৈ আহি অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক সম্বৰ্ধণা জনায়। গামোচা,জাপি,কিতাপৰ টোপোলা আৰু মানপত্ৰৰে সম্পাদকগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/ad742b7d-2420-4326-a1b5-e474771e213d/524a923c_03ce_4f52_b61a_daf8b1089203.jpg)
উল্লেখযোগ্য যে, দৃষ্টিশক্তিহীন শিক্ষাৰ্থী-শিক্ষক তথা পাঠ্যপুথি প্ৰণেতাৰ সুবিধাৰ্থে প্ৰকাশ কৰা হেমকোষ প্ৰকাশনৰ ব্ৰেইল সংস্কৰণে বিশ্বৰ সৰ্ববৃহৎ ব্ৰেইল অভিধান হিচাপে গীনিজ বুক ৱৰ্ল্ড ৰেক'ৰ্ডছৰ স্বীকৃতি লাভ কৰিছে।
আজি সম্বৰ্ধনা অনুষ্ঠানত মিডিয়া ট্ৰাষ্ট অসমৰ হৈ সাদিন-প্ৰতিদিনৰ কাৰ্যালয়লৈ অহা প্ৰবীণ সাংবাদিক তথা ট্ৰাষ্টৰ কৰ্মকৰ্তা ৰমণি বৰ্মনে কয়,"দৃষ্টিহীনসকলক ভাষাৰ পোহৰ দিয়াৰ প্ৰয়াস কৰি জয়ন্ত বৰুৱাই মহৎ কৰ্ম সাধনৰ পৰিচয় দিছে। আনহাতে গীনিজ বুকৰ স্বীকৃতিয়ে অসমীয়া ভাষাক বিশ্বত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাটো অসমৰ ৰাইজৰ বাবে গৌৰৱৰ বিষয় আৰু হেমচন্দ্ৰ বৰুৱাৰ উত্তৰসূৰী জয়ন্ত বৰুৱাৰ মহৎ কৰ্মৰ সঠিক স্বীকৃতি।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/21cf1c6f-588e-4abf-a20f-b36e4570d5db/fe59d765_b220_4716_9fed_ac8aee7174b2.jpg)
মিডিয়া ট্ৰাষ্টৰ প্ৰতিনিধি দলটোত ৰমণি বৰ্মনৰ উপৰি বিশিষ্ট সাংবাদিক প্ৰশান্তজ্যোতি বৰুৱা,দিলীপ চন্দন,দিলীপ শৰ্মাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।আনহাতে মিডিয়া ট্ৰাষ্টৰ সম্বৰ্ধণা গ্ৰহণ কৰি অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই সংস্থাটোৰ সমূহ কৰ্মকৰ্তাক কৃতজ্ঞতা জনোৱাৰ লগতে কয়- "গীনিজ বুকৰ ৰেক'ৰ্ড বা কোনো সন্মান-সম্বৰ্ধণা প্ৰাপ্তিৰ লক্ষ্যৰে আমি ব্ৰেইল হেমকোষ কৰা নাছিলোঁ। আমি যেতিয়া গম পাইছিলো,অসমীয়া ভাষাত ব্ৰেইল অভিধান নথকাৰ বাবে দৃষ্টিহীন শিক্ষাৰ্থীসকলে ভাষাটো শুদ্ধকৈ শিকিব পৰা নাই তেতিয়াই এই শিক্ষাৰ্থীসকলক হেমকোষখন ব্ৰেইলত প্ৰকাশ কৰি সেই সুবিধা কৰি দিয়াৰ কথা চিন্তা কৰিছিলোঁ।"
কিন্তু ইয়াত ব্যয় কিমান হ'ব সেই বিষয়ে আমি ভবা নাছিলো। অথচ আমাৰ লক্ষ্য আছিল বিনামূলীয়াকৈ এইখনৰ সুবিধা দৃষ্টিশক্তিহীন সকলোৱোই লাভ কৰিব লাগিব। কিন্তু পৰৱৰ্তী সময়ত গীনিজ বুকৰ স্বীকৃতি হেনকোষ ব্ৰেইলে লাভ কৰিলে আৰু এই কৰ্মক ৰাইজে যিদৰে মান্যতা প্ৰদান কৰিছে সেয়া আমি আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি গভীৰ প্ৰশান্তি লাভ কৰিছো।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c6855494-52dc-4baa-87e2-32009d7b51df/46825696_9bb8_42eb_bc94_486e0f5bb5f5.jpg)
তেওঁ লগতে কয়- বিগত সময়ছোৱাত বিশ্ববিদ্যালয়,মহাবিদ্যালয় আৰু বিভিন্ন বিদ্যালয়ৰ দৃষ্টিহীন শিক্ষাৰ্থীৰ আভিধানিক শিক্ষাৰ বাবে প্ৰধান অন্তৰায় হৈ আছিল। যি কথাই তেওঁৰ মনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d678aa9a-e13c-46af-b5a3-1911fefa956b/2cb8761c_87d2_4e4e_89f1_705b02061924.jpg)
সেয়েহে অসমৰ কেইবাখনো বিশ্ববিদ্যালয় আৰু আটাইকেইখন দৃষ্টিহীনৰ বিদ্যালয়, ৰাজ্যিক গ্ৰন্থাগাৰত ২১টা খণ্ড আৰু ৬টা উপ-খণ্ডসহ ১০,২৭৯ পৃষ্ঠাৰ ব্ৰেইল হেমকোষখন বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে।
Also Read: মাকৰ সন্মুখতে ঘঁৰিয়ালে টানি নিলে পুত্ৰক