নুনমাটিত মহিলাৰ বাসগৃহত দুৰ্বৃত্তৰ অগ্নিসংযোগ...

নুনমাটিত মহিলাৰ বাসগৃহত দুৰ্বৃত্তৰ অগ্নিসংযোগ...

author-image
Asomiya Pratidin
New Update
নুনমাটিত মহিলাৰ বাসগৃহত দুৰ্বৃত্তৰ অগ্নিসংযোগ...

নুনমাটিত মহিলাৰ বাসগৃহত দুৰ্বৃত্তৰ অগ্নিসংযোগ...

ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মহানগৰীৰ নুনমাটিৰ ৰামছিং চাপৰিত এগৰাকী মহিলাৰ ঘৰত অগ্নিসংযোগ। জানিব পৰা মতে দুৰ্বৃত্তই ৰিংকু দেৱী নামৰ এগৰাকী মহিলাৰ বাসগৃহত অগ্নিসংযোগ কৰিছে।

Advertisment

এই সন্দৰ্ভত নুনমাটি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে, বাসগৃহটোত অগ্নিসংযোগৰ সময়ত কোনো লোক নাছিল। অগ্নিসংযোগৰ ফলত বাসগৃহটো সম্পূৰ্ণৰূপে ভস্মিভূত হৈছে।

এই অগ্নিকাণ্ডত কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি ভূস্মিভূত হৈছে বুলি অনুমান কৰা হৈছে। অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপিত কৰা হয়। ইফালে এই অগ্নিকাণ্ডৰ সৈতে স্থানীয় ৰাধে নামৰ এজন লোক জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে।

এই সন্দৰ্ভতে ভুক্তভোগী ৰিংকু দেৱীয়ে নুনমাটি আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে। অৱশ্যে আৰক্ষীৰ সঠিক তদন্তৰ পাছতে এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।

Also Read: সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানি গ্ৰহণ কৰিবলৈ অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল...

অগ্নিকাণ্ড