সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানি গ্ৰহণ কৰিবলৈ অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল...

সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানি গ্ৰহণ কৰিবলৈ অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল...
সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানি গ্ৰহণ কৰিবলৈ অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল...ELECTION COMMISSION OF INDIA

ডিজিটেল ডেস্কঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাছৰে পৰা অসমৰ ৰাজনীতি আৰু সামাজিক পৰিৱেশ উত্তাল হৈ আছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক একাংশই সমৰ্থন জনাইছে যদিও বিৰোধী কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, এ আই ইউ ডি এফকে ধৰি বিভিন্ন অৰাজনৈতিক দল সংগঠনে ইয়াৰ বিৰোধিতা কৰিছে।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাই অসমৰ খিলঞ্জীয়া লোকসকলক ৰাজনৈতিক ভাৱে হত্যা কৰাৰো অভিযোগ উত্থাপন হৈছে। ইয়াৰ বিপৰীতে শাসকীয় পক্ষই এই খচৰাক আদৰণি জনোৱাৰ লগতে সমষ্টি পুনৰ নিৰ্ধাৰণে খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিব বুলিহে দাবী কৰিছে।

এনে অভিযোগ, প্ৰতি অভিযোগৰ মাজতে ৩ দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল। আয়োগৰ এই দলটোৱে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিভিন্ন দল, সংগঠনৰে আলোচনাত বহিব। ইায়াতেই সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিভিন্ন দল-সংগঠনৰ পৰা পৰামৰ্শও গ্রহণ কৰিব।

আয়োগৰ এই দলটোৱে ১৯ জুলাইত কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওৰ সংগঠনেৰে আলোচনাত বহিব। ইয়াৰ পৰৱৰ্তী দিনটোত ২০ জুলাইত ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, কৰিমগঞ্জ হাইলাকান্দি আৰু কাছাৰ, কামৰূপ, কামৰূপ (মহানগৰ), নগাঁও, শোণিতপুৰ, মৰিগাঁও, দৰঙৰ দল-সংগঠনেৰে আলোচনাত বহিব।

আৰু ২০ জুলাইত ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনাত মিলিত হ’ব আয়োগৰ এই দলটো। ইফালে উজনি অসমৰ ডিব্রুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, চৰাইদেউ, গোলাঘাট আৰু মাজুলীৰ দল-সংগঠনৰে আলোচনাত বহিব নিৰ্বাচন আয়োগৰ দলটো।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানি গ্ৰহণ কৰিবলৈ অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল...
দিল্লীৰ বান পৰিস্থিতিক লৈ টুইটাৰত কেজৰিৱালক কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in