'কা' বাতিলৰ দাবীত ১৭ ফেব্ৰুৱাৰীত গুৱাহাটীত সমাবেশ...

লক্ষীধৰ বৰা ক্ষেত্ৰত দিনৰ ১১ বজাৰ পৰা এই সমাবেশ

author-image
Asomiya Pratidin
New Update
কোলাপথাৰ লখিমীনগৰত গাঁও উন্নয়ন সমিতি গঠন...

'কা' বাতিলৰ দাবীত ১৭ ফেব্ৰুৱাৰীত গুৱাহাটীত সমাবেশ...

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰস্তুত কৰি কাৰ্যকৰী কৰিব বুলি গৃহমন্ত্ৰী অমিত শ্বাহে কৰা ঘোষণাৰ পাছতে এতিয়া পুনৰ এই আইনৰ বিৰুদ্ধে সমাবেশ অনুষ্ঠিত কৰিছে নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতি, অসমে।

Advertisment

সমিতিৰ মুখ্য সমন্বয়ক দেৱেন তামুলীয়ে স্বাক্ষৰ কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে- লোকসভা নিৰ্বাচনৰ পূৰ্বে 'কা' আইনৰ বিধি প্ৰস্তুত কৰি বলবৎ কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৰা ঘোষণাৰ প্ৰতিবাদ কল্পে আৰু 'কা' বাতিলৰ দাবীত নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতি, অসমে অহা ১৭ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখ, শনিবাৰে লক্ষীধৰ বৰা ক্ষেত্ৰত (এন চি পি অফিচ) দিনৰ ১১ বজাত এক সমাবেশৰ আয়োজন কৰিছে। সমাবেশত বিভিন্ন দল, সংগঠনৰ প্ৰতিনিধিৰ উপৰিও ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব। সমিতিয়ে 'কা' বিৰোধী ৰাইজৰ উপস্থিতি কামনা কৰিছে।

Also Read: কলিয়াবৰ মহকুমা চিকিৎসালয়ত চিটি স্কেন-ডাইগনষ্টিক চেন্টাৰ মুকলি...

কা আন্দোলন