কলিয়াবৰ মহকুমা চিকিৎসালয়ত চিটি স্কেন-ডাইগনষ্টিক চেন্টাৰ মুকলি...

স্বৰ্গৰথ মুকলি মন্ত্ৰী কেশৱ মহন্তৰ
কলিয়াবৰ মহকুমা চিকিৎসালয়ত চিটি স্কেন-
ডাইগনষ্টিক চেন্টাৰ মুকলি...
কলিয়াবৰ মহকুমা চিকিৎসালয়ত চিটি স্কেন- ডাইগনষ্টিক চেন্টাৰ মুকলি...

ডিজিটেল সংবাদ কলিয়াবৰ: বৃহস্পতিবাৰে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত চিটি স্কেন আৰু ডাইগনষ্টিক চেণ্টাৰ মুকলি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। লগতে স্বৰ্গৰথ সেৱাও মুকলি কৰে মন্ত্ৰীগৰাকীয়ে।

যোৱা ২০২২ চনৰ ১৪ ছেপ্তেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কলিয়াবৰ মহকুমা চিকিৎসালয় আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পিছত আজি এই সুবিধা ৰোগীৰ বাবে মুকলি কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। এই কেন্দ্ৰৰ জৰিয়তে কলিয়াবৰ মহকুমাৰ লগতে চুবুৰীয়া অঞ্চলৰ ৰোগীৰ দীৰ্ঘদিনীয়া অভাৱ দূৰ হ'ব।

আনহাতে, অঞ্চলটোত মৰণোত্তৰ পৰীক্ষাৰ অভাৱ দূৰ কৰিবলৈ উলুৱনীৰ শ্ৰীমন্ত শঙ্কৰদেৱ গ্ৰাম্য চিকিৎসালয়ত মৰণোত্তৰ গৃহ নিৰ্মাণৰ কাম-কাজ আগবাঢ়িছে বুলিও মন্ত্ৰীগৰাকীয়ে জনায়। কলিয়াবৰ সমষ্টিৰ বিধায়কৰ এলেকা উন্নয়ন পুঁজিৰ জৰিয়তে মৃতদেহ কঢ়িয়াবৰ বাবে এখন স্বৰ্গৰথ ৰাইজৰ বাবে মুকলি কৰে মন্ত্ৰী কেশৱ মহন্তই।

কলিয়াবৰ মহকুমা চিকিৎসালয়ত চিটি স্কেন-
ডাইগনষ্টিক চেন্টাৰ মুকলি...
নহৰু !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in