জি এম চি এইছত শেষ নিশ্বাস ত্যাগ কৰিলে মনজিৎ মহন্তই...

জি এম চি এইছত শেষ নিশ্বাস ত্যাগ কৰিলে মনজিৎ মহন্তই...
জি এম চি এইছত শেষ নিশ্বাস ত্যাগ কৰিলে মনজিৎ মহন্তই...

ডিজিটেল ডেস্কঃ অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই। দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ থকা মনজিৎ মহন্তক প্ৰথমে নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

তাৰ পাছত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটনাত নেমকেয়াৰ হাস্পতালতেই আই চি ইউত কিছু দিন চিকিৎসা প্ৰদান কৰা হৈছিল। অৱশ্যে ইয়াৰ পাছত তেওঁক জি এম চি এইছলৈ স্থানান্তৰিত কৰা হয়। জি এম চি এইছতে তেওঁ সোমবাৰে পুৱতি নিশা প্ৰায় ২ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

ৰাজনীতিলৈ অহাৰ পূৰ্বে সাংবাদিকতাৰে জড়িত হৈ থকা মনজিৎ মহন্ত অসমীয়া প্ৰতিদিনৰ সৈতে প্ৰতিষ্ঠা কালৰে পৰা জড়িত হৈ আছিল। এসময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ অতি ঘনিষ্ঠ মনজিৎ মহন্ত অগপ চৰকাৰৰ সময়ছোৱাত ৰাজ্য চৰকাৰৰ জন সংযোগ বিভাগৰ উপ সঞ্চালক পৰ্যায়ৰ বিষয়া আছিল।

এসময়ত অসম আন্দোলনৰ সৈতে সক্ৰিয় ভাৱে জড়িত হৈ পৰা মনজিৎ মহন্ত আছিল মানৱ অধিকাৰ আন্দোলনৰ সৈতেও জড়িত। ১৯৯৯ চনৰ পৰা তেওঁ অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক হিচাপে প্ৰায় এটা দশক কাৰ্যনিৰ্বাহ কৰিছিল।

ইয়াৰো পৰি তেওঁ কিছুদিন বৈদ্যুতিক সংবাদ মাধ্যমৰ সৈতেও জড়িত হৈ পৰিছিল। সাংবাদিকতা ত্যাগ কৰি তেওঁ ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিল। তেওঁ আছিল অসম সংগ্ৰামী মঞ্চৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক।

কংগ্ৰেছত আনুষ্ঠানিক ভাৱে যোগদান কৰাৰ পূৰ্বে তেওঁ অজিত ভূঞাৰ নেতৃত্বত গঠিত হোৱা আঞ্চলিক ৰাজনৈতিক দলৰহৈ বিৰোধী মিত্ৰজোঁটৰ পৰা কংগ্ৰেছৰ প্ৰতীক চিহ্নৰে দিছপুৰ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতাও কৰিছিল। অৱশ্যে তেওঁ সেই নিৰ্বাচনত পৰাজিত হয়।

পৰৱৰ্তী সময়ত তেওঁ অসম সংগ্ৰামী মঞ্চ ত্যাগ কৰি কংগ্ৰেছত আনুষ্ঠানিক ভাৱে যোগদান কৰে। মনজিৎ মহন্তৰ বিয়োগত তেওঁৰ একালৰ সতীৰ্থসকলে শোক প্ৰকাশ কৰাৰ লগতে সামাজিক মাধ্যমৰ জৰিয়তে কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাই শোক প্ৰকাশ কৰিছে।

জি এম চি এইছত শেষ নিশ্বাস ত্যাগ কৰিলে মনজিৎ মহন্তই...
নগাঁও আৰ্ট ভিলেজত 'সৰা চিত্ৰ আৰু লেখাঙ্কন কৰ্মশালা’

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in