নগাঁও আৰ্ট ভিলেজত 'সৰা চিত্ৰ আৰু লেখাঙ্কন কৰ্মশালা’

নগাঁও আৰ্ট ভিলেজত 'সৰা চিত্ৰ আৰু লেখাঙ্কন কৰ্মশালা’

ডিজিটেল সংবাদ,নগাঁও : নগাঁও আৰ্ট ভিলেজৰ উদ্যোগত আৰু জ্যোতি চিত্ৰাংকন বিদ্যালয়ৰ সহযোগত যোৱা ৫ জুলাইৰ পৰা ৮ জুলাইলৈকে ৪দিনীয়া কাৰ্যক্ৰমণিকাৰে এখন চিত্ৰাংকন কৰ্মশালা অনুষ্ঠিত হয় ৷ নগাঁও আৰ্ট ভিলেজৰ স্বত্বাধিকাৰী তথা চিত্ৰশিল্পী সুজিত দাসৰ আটকধুনীয়া আৰ্ট ভিলেজত সদ্য প্ৰয়াত প্ৰবীন চিত্ৰশিল্পী গোপাল প্ৰধান সোঁৱৰণী 'সৰা চিত্ৰ আৰু লেখাঙ্কণ কৰ্মশালা’খনিৰ আৰম্ভণিৰ দিনা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই ৷

দেওবাৰে সামৰণি অনুষ্ঠানত উপস্থিত থাকি কৰ্মশালাৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি প্ৰবীন সাংবাদিক,কবি ফনীন্দ্ৰ নাথ গায়নে 'চিত্ৰৰ ভাষা চিৰন্তন কিন্তু ভাষাৰ প্ৰকাশটো অতি সীমিত ৷ এটা ভাষা-ভাষীৰ মাজতহে প্ৰচলিত বুলি মন্তব্য প্ৰদান কৰাৰ লগতে ৰং আৰু ৰেখাৰ ভাষা চিৰন্তন আৰু সাৰ্বজনীন' বুলি উল্লেখ কৰে।

ইয়াৰোপৰি ৰং-ৰেখাৰ অনুভৱ সকলো মানুহেই হৃদয়ঙ্গম কৰিব পাৰে বুলি অৰ্থপূৰ্ণ বক্তব্য প্ৰদান কৰে ৷ প্ৰতিষ্ঠিত চিত্ৰশিল্পী সুজিত দাসে আঁত ধৰা চিত্ৰাংকন কৰ্মশালাৰ সামৰণি অনুষ্ঠানটিত প্ৰতিদিন টাইমৰ নগাঁৱৰ সাংবাদিক বীৰেন বৰা আৰু নিয়মীয়া বাৰ্তা কাকতৰ সাংবাদিক প্ৰাঞ্জল বৰদলৈেয়ে নিমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে।

উক্ত সাংবাদিকদ্বয়ে বৰ্তমান সময়ত চিত্ৰকলাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ সন্দৰ্ভত অভিমত ব্যক্ত কৰা অনুষ্ঠানত জ্যোতি চিত্ৰাংকন বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা শিশু প্ৰেমী দুলাল বৰাইও কৰ্মশালাৰ ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি সাৰুৱা ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানতে কৰ্মশালাত অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় সংগীত আৰু সংস্কৃতি পৰিষদৰ বিচাৰকৰ প্ৰমাণ পত্ৰ লাভ কৰা শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱা হয় ৷ কৰ্মশালাখনিত লেখাঙ্কণৰ প্ৰশিক্ষক হিচাপে ইক্ৰামূল হোছেইন আৰু সৰা চিত্ৰৰ প্ৰশিক্ষক ৰূপে শিৱানী পালে ছাত্ৰ-ছাত্ৰী, শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ আগবঢ়ায় ৷

নগাঁও আৰ্ট ভিলেজত 'সৰা চিত্ৰ আৰু লেখাঙ্কন কৰ্মশালা’
বৰমাত বড়ো জাতীয় সংগঠন-ৰাজনৈতিক দলৰ মাজত সমষ্টি পুনৰ গঠন খচৰাক লৈ আলোচনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in