উন্মোচন হ'ল '৭২ ৰ মাধ্যম আন্দোলন'...

উন্মোচন হ'ল '৭২ ৰ মাধ্যম আন্দোলন'...
উন্মোচন হ'ল '৭২ ৰ মাধ্যম আন্দোলন'...

ডিজিটেল ডেস্কঃ ১৯৭২ ৰ মাধ্যম আন্দোলনৰ আঁৰৰ প্ৰকৃত কাৰণ কি? কাৰ ভুলৰ বাবে ৬০ ৰ দশকৰ ভাষা আন্দোলনৰ পাছত পুনৰ ৭২ ত অসমে মাধ্যম আন্দোলন কৰিবলগীয়া হ'ল?

এই আন্দোলনৰ বাবে কেৱল দায়ী সেই সময়ৰ চৰকাৰেই নে? মাধ্যম আন্দোলনৰ সৃষ্টিত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ কি ভূমিকা আছিল? কিয় গুৱাহাটী বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ মাধ্যম অসমীয়া কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিও বঙালী ভাষাতো পৰীক্ষাৰ প্ৰশ্ন উত্তৰ লিখাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল? বিশ্ববিদ্যালয় কৰ্তৃপক্ষক কোনে দিছিল এই প্ৰস্তাৱ?

মাধ্যম আন্দোলনৰ আঁৰত আছিল নেকি সেই সময়ৰ অসম কলেজ শিক্ষক সন্থাৰো অৱদান? গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই সময়ৰ উপাচাৰ্য সুৰেশ চন্দ্ৰ ৰাজখোৱাই কি ভুল কৰিছিল? কিয় তেওঁ বিতৰ্কিত সেই প্ৰস্তাৱ গৃহীত কৰিছিল?

কাৰ ভুলৰ বাবে উত্তপ্ত হৈছিল বৰাক, ব্ৰহ্মপুত্ৰ দুই উপত্যকা? কাৰ ভুলৰ বাবে ছহিদ হ'ল মোজাম্মিল হক, অনিল বৰা, প্ৰমোদ বৰা, বলীন ৰাজখোৱা আৰু নৰেন মহন্ত?

১৯৭৩ ৰ জানুৱাৰীত এই আন্দোলনৰ নেতৃত্বই সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ওচৰত সঁচাকৈয়ে আত্মসমৰ্পণ কৰিছিলনে? স্বাধীনতাৰ পিছত অসমে যি কেইটা আন্দোলন কৰিলে তাৰ ভিতৰত অন্যতম উল্লেখযোগ্য আৰু অতি গুৰুত্বপূৰ্ণ আন্দোলন হিচাপে বিবেচিত হৈ আহিছে ১৯৭২ ৰ চনৰ মাধ্যম আন্দোলন।

অতি গুৰুত্বপূৰ্ণ এই মাধ্যম আন্দোলনৰ বিষয়ে আজিও সঠিক বিচাৰ বিশ্লেষণ হোৱা নাই। নতুন প্ৰজন্মই নাজানে এই আন্দোলনৰ বিষয়ে। এই আন্দোলনৰ ৫২ বছৰৰ পিছতো পাবলৈ নাই সবিশেষ তথ্য।

অৱশ্যে এই সকলো প্ৰশ্ন আৰু সকলো অভাৱ দূৰ কৰি জ্যেষ্ঠ সাংবাদিক মানস কুমাৰ মহন্তই লিখি উলিয়ালে '৭২ৰ মাধ্যম আন্দোলন' নামেৰে এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ। এই গ্ৰন্থখনক এক ঐতিহাসিক দলিল তথা ভৱিষ্যত ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সমল হিচাপে পৰিগণিত হ'ব বুলি আখ্যা দিলে একালৰ এই আন্দোলনৰ নেতা তথা বিশিষ্ট শিক্ষাবিদ কৃষ্ণ গোপাল ভট্টাচাৰ্যই।

আজি দিনৰ ঠিক ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাৱত ৰাজ্যখনৰ বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত '৭২ ৰ মাধ্যম আন্দোলন' গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাসায়ন বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক তথা ৭২ ৰ মাধ্যম আন্দোলনৰ সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়া, মাধ্যম আন্দোলনৰ নেতা কৃষ্ণ গোপাল ভট্টাচাৰ্য, সেই সময়ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংগীত সম্পাদক তথা মাধ্যম আন্দোলনৰ সময়ত জে'ললৈ যোৱা সূৰ্য গোস্বামী, বিশিষ্ট সাংবাদিক তথা সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা প্ৰাপক দিগন্ত ওজা আৰু আমাৰ অসম কাকাতৰ উপ-সম্পাদক গৌতম শৰ্মাই।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি গ্ৰন্থখনৰ উন্মোচক কৃষ্ণ গোপাল ভট্টাচাৰ্যই সেই সময়ৰ স্মৃতি সোঁৱৰি কিদৰে এই আন্দোলনৰ সূচনা হৈছিল, গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাই কিদৰে এই আন্দোলনক নেতৃত্ব প্ৰদান কৰিছিল সেই বিষয়ে উল্লেখ কৰে। ভাষণ প্ৰসংগত তেওঁ ৭২ ৰ মাধ্যম আন্দোলন গ্ৰন্থখন ভৱিষ্যতে এক ইতিহাস হ'ব বুলি উল্লেখ কৰে। মাধ্যম আন্দোলনক এইদৰে গ্ৰন্থৰ জৰিয়তে ধৰি ৰখাৰ বাবে তেওঁ মানস কুমাৰ মহন্তক ধন্যবাদ জ্ঞাপন কৰে।

আনহাতে বিশিষ্ট সাংবাদিক দিগন্ত ওজাই ভাষণ আগবঢ়াই কয়, এগৰাকী সমাজবিজ্ঞানৰ পৰ্যবেক্ষক হিচাপে তেওঁ সুদীৰ্ঘ ২০/২৫ বছৰৰ পৰ্যবেক্ষণৰ অন্তত নিশ্চিত হৈছে অসমীয়া জাতি পৃথিৱীৰ আটাইতকৈ আত্মবিশ্বাসহীন জাতি। অসমীয়া জাতিৰ নিজৰ ভগৱানৰ ওপৰতো বিশ্বাস নাই।

পূৰ্বে অসমীয়াই তুলসীৰ তলত চাকি জ্বলাইছিল, নামঘৰলৈ গৈছিল। এতিয়া ব'লে ব'ম, শ্বট পূজা আদি সকলো কৰে। এই আত্মবিশ্বাসৰ অভাৱৰ বাবেই অসমীয়া ভাষাৰ আজিৰ এই দূৰৱস্থা।

ইফালে দিগন্ত ওজাৰ এই কথাৰ আঁত ধৰিয়েই বিশিষ্ট সাংবাদিক গৌতম শৰ্মাই নিজৰ ভাষণ প্ৰসংগত কয়, অসমীয়া জাতি আত্মবিশ্বাসহীন হোৱাৰ উপৰিও এই জাতিটোৰ আছে সামাজিক ভণ্ডামি। ইয়াৰ উদাহৰণ হিচাপে তেওঁ কয়, আনৰ সন্তানক অসমীয়া মাধ্যমত অধ্যয়ন কৰিবলৈ কৈ নিজৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়োৱাই অসমীয়াই। চাকৰিৰ ওপৰতেই ভৰষা নকৰি আনৰ সন্তানক খেতি কৰিবলৈ পৰামৰ্শ দিয়ে, অথচ নিজৰ জীয়ৰীক সেই খেতিয়কলৈ বিয়া দিবলৈ আগ্ৰহী নহয়। এয়াই অসমীয়া জাতিৰ ভণ্ডামি।

ইয়াৰ উপৰিও তেওঁ 'দ্যা কাশ্মীৰ ফাইলছ'ৰ দৰেই অসমত মাধ্যম আন্দোলনৰ ওপৰত এখন চিনেমা হ'ব পাৰে বুলিও উল্লেখ কৰে। প্ৰসংগ ক্ৰমে, অসমৰ কলেজ শিক্ষকসকলৰ ইংৰাজী শিক্ষকসকলে নিজৰ সন্তানক অসমীয়া মাধ্যমত পঢ়ুৱাই আৰু বাকীসকলে নিজৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়ুৱাই বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ইয়াৰ আঁৰৰ কাৰণ কি তেওঁ আজিও বুজি পোৱা নাই বুলি উল্লেখ কৰে।

ইফালে গ্ৰন্থ উন্মোচনৰ পূৰ্বে গ্ৰন্থখনৰ লেখক মানস কুমাৰ মহন্তই গ্ৰন্থখন লিখি উলিওৱাৰ আঁৰৰ কাৰণ ব্যাখ্যা কৰে। তেওঁ বয়সে অনুমতি নিদিয়া কালৰে পৰা আন্দোলনৰ সৈতে জড়িত হৈ পৰা আৰু পৰৱৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত হৈ আন্দোলনৰ বহু ঘটনাৰাজিৰ সাক্ষী হৈ ৰৈছিল বুলি উল্লেখ কৰে।

সেই সকলো অভিজ্ঞতাক সামৰি আৰু সেই আন্দোলনৰ বিভিন্ন দিশ তথ্যৰ ভিত্তিত বিশ্লেষণ কৰি তেওঁ এই গ্ৰন্থখন লিখি উলিয়াইছে। গ্ৰন্থখনত তেওঁ স্বাধীনতাৰ পাছৰ পৰা অসম সাক্ষী হৈ ৰোৱা বিভিন্ন দিশ, ঘটনাৰাজীৰ বিষয়ে উল্লেখ কৰি মাধ্যম আন্দোলনৰ পটভূমি, এই আন্দোলনৰ কাৰণ, আন্দোলনৰ নেতৃত্ব, আন্দোলনক সাৰ-পানী যুগুৱা আঁৰৰ বহু ব্যক্তি আৰু একাংশ তথাকথিত ৰাজনৈতিক নেতা, দল, বুদ্ধিজীৱি, শিক্ষাবিদ আদিৰ অকথিত বহু কথা উল্লেখ কৰিছে।

এই গ্ৰন্থখন অসমীয়া ভাষা, অসমীয়া জাতিৰ ভৱিষ্যত কাৰ্যপন্থা গ্ৰহণত যথেষ্ট সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰে গ্ৰন্থ উন্মোচনী সভা খনত উপস্থিত থকা আন এগৰাকী বিশিষ্ট সাংবাদিক, লেখক, বুদ্ধিজীৱি অদীপ কুমাৰ ফুকনে। আজিৰ এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোৰ আঁত ধৰে বসন্ত কুমাৰ বৰঠাকুৰে। অনুষ্ঠানত উপস্থিত থাকে ছবি পৰিচালক ৰাজেশ ভূঞা, উপকুল বৰদলৈ, মৃদুকল কুমাৰ সন্দিকৈকে প্ৰমুখ্যে কৰি বহু বিশিষ্ট ব্যক্তি।

উন্মোচন হ'ল '৭২ ৰ মাধ্যম আন্দোলন'...
অসুস্থ পাপনঃ মুম্বাইত কোকিলাবেন ধীৰুভাই আম্বানী হাস্পাতালত ভৰ্তি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in