মানসে লোৱা পিষ্টল, চৰকাৰী বাহন বিচাৰি অভিযানঃ পোহৰলৈ আহিল প্ৰৱঞ্চনাৰ আন এক ক'লা অধ্যায়...

মানস চলিহা !
মানস চলিহা !

ডিজিটেল ডেস্কঃ এটাৰ পিছত এটাকৈ কু-কৰ্ম পোহৰলৈ আহিছে প্ৰৱঞ্চক মানস চলিহাৰ। আলফা (স্বাধীন)ৰ কেম্পত বন্দী হৈ থকা মানস বৰগোঁহাইয়ে এটাৰ পাছত এটাকৈ মানস চলিহাৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ পাছতে বহুজনে এই প্ৰৱঞ্চকটোৰ প্ৰৱঞ্চনাৰ বলি হোৱা বহুজনে মুখ খুলিছে।

কেৱল সেয়াই নহয়, শেহতীয়াকৈ হত্যাৰো অভিযোগ উঠিছে। তাৰ মাজতে মঙ্গলবাৰে নিশা দিছপুৰ আৰক্ষীয়ে প্ৰৱঞ্চক মানস চলিহাক লগত লৈ গুৱাহাটীত চলাই অভিযান। মানস চলিহাই দুহাতে দুটা পিষ্টল লৈ উঠা ফটোক লৈ সৃষ্টি হৈছিল ৰহস্য।

সেই দুয়োটা পিষ্টল বিচাৰি চলা এই অভিযানত পোহৰলৈ আহিছে মানস চলিহাৰ হাতত থকা সেই পিষ্টল দুটা আছিল ব্যৱসায়ী কৈলাশ কলিতাৰ। নিশা কৈলাশ কলিতাৰ বৰবাৰীস্থিত বাসগৃহত চলাই অভিযান।

জানিব পৰা মতে ব্যৱসায়ী কৈলাশ কলিতাৰ সৈতেও মানস চলিহাই ব্যৱসায়ৰ নামত ধনৰ লেনদেন কৰিছিল। তাৰে ২ লাখ টকা এতিয়াও মানসৰ পৰা পাবলৈ আছে কৈলাশ কলিতাই।

এইগৰাকী কৈলাশ কলিতাক বুধবাৰে দিছপুৰ আৰক্ষী থানাত হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছে অভিযানকাৰী আৰক্ষী দলটোৱে। ইয়াৰোপৰি নিশা আন এক ব্যৱসায়ীক প্ৰতিষ্ঠানত আৰক্ষীয়ে চলাইছিল অভিযান।বৰবাৰীৰ MD MOTORSত চলে এই অভিযান।

এই ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ পৰা মানস চলিহাই ক্ৰয় কৰিছিল এখন স্ক’ৰপিঅ’ বাহন। এই বাহনখনতে প্ৰৱঞ্চকটোৱে লগাই লৈছিল অসম চৰকাৰৰ ফলক। বাহনখনৰ নম্বৰ AS-01 DE-5222। এই বাহনখনৰ বিনিময়ত মানসে এতিয়াও ব্যাৱসায়ীক প্ৰতিষ্ঠানখনক দিব আছে ২ লাখ টকা। ১০ লাখ টকাত ক্ৰয় কৰা এই বাহনখনৰ বিনিময়ত মানসে দিছে কেৱল ৮ লাখ টকাহে।

মানস চলিহা !
ডিব্ৰুগড় জিলাত আৰম্ভ গুণোৎসৱ... 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in