নেৰানেপেৰা বৰষুণত ঘৰৰ ওপৰত পৰিল প্ৰকাণ্ড গছ...

নেৰানেপেৰা বৰষুণত ঘৰৰ ওপৰত পৰিল প্ৰকাণ্ড গছ...

author-image
Asomiya Pratidin
New Update
নেৰানেপেৰা বৰষুণত ঘৰৰ ওপৰত পৰিল প্ৰকাণ্ড গছ...

নেৰানেপেৰা বৰষুণত ঘৰৰ ওপৰত পৰিল প্ৰকাণ্ড গছ...

ডিজিটেল ডেস্কঃ নেৰেনেপেৰা বৰষুণৰ ফলত নিশা গুৱাহাটীৰ মালিগাঁৱত অঘটন। মালিগাঁৱৰ ছালটল গে'টত উভালি পৰিল এজোপা প্ৰকাণ্ড গছ।

Advertisment

ফলত উত্তৰ পূৱ ৰে'লৱেৰ এটা আৱাসগৃহৰ বিস্তৰ ক্ষতি হৈছে। ঘটনা সংঘটিত হোৱাৰ সময়ত বাসগৃহটোত আছিল এটা পৰিয়াল। কথমপি ৰক্ষা পৰে এই পৰিয়ালটো।

নিশা চুবুৰীয়াই বেৰ কাটি উদ্ধাৰ কৰে পৰিয়ালটোক। এই প্ৰকাণ্ড গছজোপা আছিল মালিগাঁৱৰ কামাখ্যা বিদ্যালয়ৰ প্ৰাংগনত।

Also Read: তিনিচুকীয়াত উপহাৰ কুপন খেলৰ নামত প্ৰৱঞ্চনাৰ জালঃ কেইবাজনকো আটক...

মালিগাওঁ