তিনিচুকীয়াত উপহাৰ কুপন খেলৰ নামত প্ৰৱঞ্চনাৰ জালঃ কেইবাজনকো আটক...

তিনিচুকীয়াত উপহাৰ কুপন খেলৰ নামত প্ৰৱঞ্চনাৰ জালঃ কেইবাজনকো আটক...
তিনিচুকীয়াত উপহাৰ কুপন খেলৰ নামত প্ৰৱঞ্চনাৰ জালঃ কেইবাজনকো আটক...

ডিজিটেল ডেস্কঃ তিনিচুকীয়াত অনুষ্ঠিত হোৱা উপহাৰ কুপন খেলৰ নামত প্ৰৱঞ্চনৰ দলে লাখ লাখ টকা লুটাৰ পাছতে এই উপহাৰ কুপন খেলৰ টিকট ক্ৰয় কৰা লোকসকলৰ মাজত সৃষ্টি হৈছিল তীব্ৰ অসন্তুষ্টি। ৰাজ্যজুৰি এই সন্দৰ্ভত এক জনমত গঠন হোৱাৰ পাছতে প্ৰশাসনে গ্ৰহণ কৰিছে কঠোৰ স্থিতি।

সেই অনুসৰিয়েই তিনিচুকীয়া আৰক্ষীয়ে উজনি অসমৰ বিভিন্ন স্থানত নিশা অভিযান চলাই কেইবাজনো প্ৰৱঞ্চকক আটক কৰিবলৈ সক্ষম হৈছে। তিনিচুকীয়া আৰক্ষীৰ এটা দলে নিশা শিৱসাগৰত অভিযান চলাই ৪ টা প্ৰৱঞ্চকক আটকৰ কৰে।

এই লোক ৪ জনৰ পৰা আৰক্ষীয়ে দুখন বিলাসী গাড়ী, বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰও জব্দ কৰিছে। আনহাতে আৰক্ষীৰ আন দুটা দলে মৰাণ আৰু টীয়কতো অভিযান চলাইছিল।

উল্লেখ্য যে, তিনিচুকীয়াৰ ২নং কদমণি নামঘৰ আৰু হৰি নাম চৰ্চা কেন্দ্ৰৰ উন্নয়নৰ সাহায্যাৰ্থে আয়োজন কৰা কোটিটকীয়া উপহাৰ কুপনৰ খেলখন আৰক্ষী, জিলা প্ৰশাসনৰ বাধাৰ পাচতো আয়োজকে দেওবাৰে কোনো অজ্ঞাত স্থানত গোপনে অনুষ্ঠিত কৰে ৷ এইখেলৰ ফলাফল সামজিক মাধ্যমত বিয়পি পৰাৰ পাছতে তিনিচুকীয়াত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

ইফালে এই উপহাৰ কুপন খেলখনৰ বাবে দেওবাৰে অঞ্চলটোত উপস্থিত হয়গৈ বিভিন্ন জিলাৰ টিকট সংগ্ৰহ কৰা লোকসকল। কিন্তু উপহাৰ খেলখন অনুষ্ঠিত হোৱাৰ যি ঠিকনা আছিল সেই ঠিকনাত নাছিল কোনো লোক।

ইফালে অভিযোগ অনুসৰি এই উপহাৰ খেলখনৰ যিসমূহ টিকট বিক্ৰী নহ'ল সেই টিকটৰ নম্বৰহে ফলাফল তালিকাত সংলগ্ন কৰে। যাৰ বাবে লক্ষাধিক মূল্যৰ টিকট ক্ৰয় কৰা লোকেও লাভ নকৰিলে এটাও উপহাৰ ৷ সেয়ে প্ৰশ্ন উত্থাপন হৈছে উপহাৰ কুপনৰ ফলাফলৰ তালিকাখন ক'ত আৰু কেনেকৈ প্ৰস্তুত কৰিলে?

User

ইফালে ১১ জুনত অনুষ্ঠিত হ'বলগীয়ৈ উপহাৰ কুপন খেলখনৰ আগদিনাই নামঘৰত পূৰ্বৰ কথামতে ২ লাখ টকাও জমা দিছিল আয়োজক কমিটীয়ে। এই নামঘৰ কমিটীৰ সভানেত্ৰীগৰাকী উপহাৰ কুপন খেলখনৰ সম্পাদক নীলপৱন বৰুৱাৰ মাতৃ।

ইফালে এই উপহাৰ খেলখন অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল শিৱসাগৰৰ ভাস্কৰ নাথে। তেওঁ উপহাৰ কুপন খেলৰ জৰিয়তে নামঘৰলৈ সাহায্য আগবঢ়োৱাৰ প্ৰস্তাৱ দিছিল।

ইফালে আয়োজকসকলে কোনো এক গোপন স্থানত এই উপহাৰ কুপন খেলখন অনুষ্ঠিত কৰি তাৰ ফলাফল সামাজিক মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিছে। উল্লেখ্য যে, এই খেলখনৰ বাবে আৰক্ষীৰ পৰা আয়োজক কমিটীয়ে লাভ কৰা নাছিল অনুমতি।

যাৰ বাবে যোৱা ৩ জুন তাৰিখে আৰক্ষীয়ে আয়োজক কমিটীৰ বিৰুদ্ধে ৰুজু কৰিছিল এক গোচৰ। সেই গোচৰত আয়োজক কমিটীয়ে জামিন লৈছিল। খেলখন অনুষ্ঠিত কৰাৰ বাবে আৰক্ষী তথা প্ৰশাসনে অনুমতি দিয়া নাছিল যদিও আইন বৰ্হিভূত ভাৱে এই খেলখন অনুষ্ঠিত কৰিলে। ইফালে এই প্ৰৱঞ্চ চক্ৰটোৰ সৈতে শাসকীয় দলৰ একাংশ নেতা, পালিনেতাৰো নাম জড়িত হৈ পৰিছে।

তিনিচুকীয়াত উপহাৰ কুপন খেলৰ নামত প্ৰৱঞ্চনাৰ জালঃ কেইবাজনকো আটক...
সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাক ৰাজ্যজুৰি স্মৰণঃ ধুবুৰীত অসম চৰকাৰৰ অনুষ্ঠান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in