অৱশেষত আনুষ্ঠানিকভাবে মুকলি হ'ল মালিগাঁৱৰ উৰণসেতু

অৱশেষত আনুষ্ঠানিকভাবে মুকলি হ'ল মালিগাঁৱৰ উৰণসেতু। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে সেতুখন

author-image
Asomiya Pratidin
New Update
অৱশেষত আনুষ্ঠানিকভাবে মুকলি হ'ল মালিগাঁৱৰ উৰণসেতু

ডিজিটেল ডেস্কঃ অৱশেষত আনুষ্ঠানিকভাবে উদ্বোধন হ'ল মালিগাঁৱৰ উৰণসেতু। বুধবাৰে বিয়লি ৪.৩০ বজাত ৰাইজৰ বাবে আনুষ্ঠানিকভাবে এই সেতু মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, নীলাচল সেতু নামেৰে নামাকৰণ কৰি মুকলি কৰা হৈছে সেতুখন।

এই সেতুৰ কাম বিগত ৩ বছৰ ৬ মাহ ধৰি চলি আহিছিল। সেতুখনৰ দৈৰ্ঘ ২.৬ কিলোমিটাৰৰ। ৰামধেনু আকৃতিৰ নিৰ্মাণ কৰা সেতুখনত থাকিব তিনিআলি জংচনত পৃথিৱীৰ গ্লৱ। উৰণীয়া সেতুৰ লেণ্ডিং পইণ্ট দুটা গতিৰোধকো থাকিব।

সেতুখনৰ চাৰিওফালে অসমৰ সমাজ জীৱনক প্ৰতিনিধিত্ব কৰা বিভিন্ন ছবি অংকন কৰাৰ বিপৰীতে সেতুখনৰ তলৰ খুঁটাসমূহত অসমৰ সাজ-পোছাক, বাদ্যযন্ত্র, অৰণ্যৰ দৃশ্য অংকন কৰা হৈছে।

Also Read: গহপুৰৰ হাবিত উদ্ধাৰ ১৮ খনকৈ চুৰি বাইক

Maligaon Flyover cm himanta biswa sarma