গহপুৰৰ হাবিত উদ্ধাৰ ১৮ খনকৈ চুৰি বাইক

গহপুৰৰ হাবিত উদ্ধাৰ ১৮ খনকৈ চুৰি বাইক

ডিজিটেল সংবাদ, গহপুৰঃ অৰুণাচলৰ পৰা চুৰি কৰি অনা ১৮ খনকৈ মটৰ বাইক উদ্ধাৰ হ'ল গহপুৰত। গহপুৰৰ এটা ভিতৰুৱা অঞ্চলত লুকুৱাই থোৱা অৱস্থাত গহপুৰ আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে অৰুণাচল আৰক্ষী (ইটানগৰ)ৰ এটা অভিযানকাৰী দলে। গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া ৰাওনামুখৰ পৰা দুদিনৰ ভিতৰত উদ্ধাৰ কৰা হয় বাইকসমূহ ।

২লাখ টকাৰ পৰা আৰম্ভ কৰি ৮০ হাজাৰ, ১লাখ টকা মূল্যৰ বিভিন্ন কোম্পানীৰ বাইক আৰু স্কুটীসমূহ চোৰাংকৈ বিক্ৰী কৰিবলৈ মজুত কৰি ৰাখিছিল এটা বৃহৎ বাইক চুৰি চক্ৰই। জানিব পৰা মতে ৰাওনামুখ এলেকাত যোৱা কিছুদিনৰে পৰা অতি কম মূল্যত বিক্ৰী হৈ আহিছিল ছেকেণ্ড হেণ্ড বাইক। ২লাখটকীয়া এখন বাইক বিক্ৰী হৈছিল মাত্ৰ ১২হাজাৰ টকাত। ১লাখটকীয়া বাইক, স্কুটী আদি বিক্ৰী হৈ আহিছিল তেনেই কম দৰত। পানীৰ দৰত বিক্ৰী হোৱা এই বাইক, স্কুটীসমূহে ধ্বংসৰ মুখলৈ ঠেলি দি আহিছে যুৱ চামক।

স্থানীয় দুই এক লোকৰ মাজত পানীৰ দৰত বিক্ৰী হৈ অহা ছেকেণ্ড হেণ্ড বাইক, স্কুটীসমূহৰ চাহিদাক লৈ চৰ্চা অব্যাহত থকাৰ মাজতে বুধবাৰে গাঁওখনৰ হাবিৰ মাজত লুকুৱাই থোৱা অৱস্থাত ইখনৰ পিছত সিখন চুৰি বাইক আৰু স্কুটী উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।

ৰাওনামুখত গঢ় লৈ উঠা চুৰি মটৰ বাইকৰ বৃহৎ নেটৱৰ্কৰ বিষয়ে গম নোপোৱাটো গহপুৰ আৰক্ষীৰ বাবে চূড়ান্ত ব্যৰ্থতা বুলি বিবেচিত হৈছে সচেতন ৰাইজৰ মাজত। ইয়াৰ বিপৰীতে অৰুণাচল আৰক্ষীৰ তৎপৰতাতহে উদ্ধাৰ হয় চুৰি বাইক সমূহ। আচৰিত কথা এয়ে যে এই অভিযানটোত এজনো বাইক চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল।

গহপুৰৰ হাবিত উদ্ধাৰ ১৮ খনকৈ চুৰি বাইক
চৰকাৰী চাউলৰ চোৰাং বেহা মেলিও সুৰক্ষিত সমবায় সচিব সভাপতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in