/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c9b39f69-f5e1-465f-bacc-7b42e68789f2/himanta.jpg)
ডিজিটেল ডেস্কঃ অসমৰ ইতিহাসৰ এক স্বৰ্ণীল অধ্যায় সামৰি থকা পূৰাতন চুতীয়া ৰাজ্যৰ শেষৰগৰাকী ৰাণী আই সাধনী । এই আই সাধনীৰ জীৱনৰ ভিত্তিত নিৰ্মাণ হ'ব এখন বুৰঞ্জীমূলক চলচ্চিত্ৰ । বিশ্বজিত বৰাৰ নেতৃত্বত নিৰ্মাণ হ'বলগীয়া চলচ্চিত্ৰখনৰ নাম হৈছে "বীৰাংগনা সাধনী" । ইতিমধ্যেই ৰাজ্য চৰকাৰে ছবিখন নিৰ্মাণৰ বাবে ৩ কোটি টকাৰ আৱন্টন দিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/f67c5e51-4ead-478f-a409-15557f687343/9eb8d11b_b5d3_455e_8cfc_96013d2abc3e.jpg)
আই সাধনী জীৱনৰ ভিত্তিত নিৰ্মাণ হ'বলগীয়া ছবিখন শনিবাৰে মহানগৰীৰ কাহিলিপাৰাস্থিত জ্যোতি চিত্ৰবনত "মহুৰত আৰু আনুষ্ঠানিক ঘোষণা অনুষ্ঠান"ৰ আয়োজিত হৈ যায় । উক্ত অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা, বিধায়ক তৰংগ গগৈ , বিধায়ক সুৰেণ ফুকন, বিধায়ক বলীন চেতিয়াকে, ধৰি বহু কেইগৰাকী গণ্য় মান্য ব্যক্তি ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a8dcc43f-d3a9-4f03-89d7-5d2ae4378393/f84685be_e812_41bd_83cb_508e1d9ba6fe.jpg)
অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীক ফুলাম গোমাচো,চেলেং, শৰাই, ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱা হয় । উক্ত অনুষ্ঠানত উপস্থিত থাকি মুখ্যন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৌ অসম চুতীয়া সন্থাৰ এই কৰ্মক শলাগ লয় । মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, " ১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতীৰ বোলছবি নিৰ্মাণেৰে প্ৰথম অসমীয়া বোলছবিৰ নিৰ্মাণ কৰিছিল । প্ৰথম বোলছবিখনো বুৰঞ্জীমূলক কাহিনীৰে নিৰ্মাণ হৈছে ।
লগতে তেওঁ কয় যে, " অসমীয়া চলচ্চিত্ৰৰ এক সুদীৰ্ঘ ইতিহাস আছে । পুনৰ বুৰঞ্জীৰৰ সৈতে জড়িত থকা এগৰাকী নাৰীৰ জীৱনৰ ছবি নিৰ্মাণে অসমীয়া জনজীৱনক এক অনন্য মাত্ৰা প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/773394eb-6a56-44f8-937c-9d2ced377dae/a187354f_674b_43d0_ac9a_1f521a725192.jpg)
মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ কাশ্মীৰ ফাইলছ আৰু দ্য় কেৰেলা ষ্টৰীয়ে মানুহৰ মাজত চলচ্চিত্ৰক এক বেলেগ ৰূপত প্ৰতিষ্ঠা কৰাৰ কথাও উল্লেখ কৰে । আজিৰ অনুষ্ঠানতে চুতীয়া জাতিৰ উন্নয়ন পৰিষদলৈ ১৫০ কোটি টকা ভিতৰত ৫০ কোটি টকা উন্নয়ন পৰিষদে ইতিমধ্যে লাভ কৰিছে কৰা বুলিও মত প্ৰকাশ কৰে । আজিৰ এই অনুষ্ঠানটিত অভিনেত্ৰী মৃদুলা বৰুৱা, অভিনেতা প্ৰা়ঞ্জল শইকীয়া, মীনু বনিয়া, অৰুণ হাজৰিকা, যতিন বৰা আশা বৰদলৈ কে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা চুতীয়া জনগোষ্ঠীৰ বিভিন্ন নেতা কৰ্মী উপস্থিত থাকে ।
Also Read: ধৰ্ষণৰ বলি হোৱা যুৱতীৰ ৰাশিফল চোৱাৰ সিদ্ধান্ত: স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ