টাই আহোম যুৱ পৰিষদৰ উদ্যোগত মহাবীৰ লাচিত দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান

টাই আহোম যুৱ পৰিষদৰ উদ্যোগত মহাবীৰ লাচিত দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
টাই আহোম যুৱ পৰিষদৰ উদ্যোগত মহাবীৰ লাচিত দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান

ডিজিটেল ডেস্ক : টাই আহোম যুৱ পৰিষদ,অসমৰ কামৰূপ মহানগৰ জিলা সমিতৰ উদ্যোগত অহা ২৪ নৱেম্বৰৰ দিনা মহাবীৰ লাচিত দিৱসৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় সমিতি,মহিলা পৰিষদ আৰু গুৱাহাটীবাসীৰ সহযোগত আয়োজিত লাচিত দিৱসৰ লগত সংগতি ৰাখি বঁটা প্ৰদান অনুষ্ঠানৰো দিহা কৰা হৈছে।

Advertisment

উল্লেখ্য যে, নিজ কৰ্মৰ যোগেদি অসম তথা উত্তৰপূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা আৰু জাতি গঠনত বিশেষ ভূমিকা গ্ৰহণ কৰা বৰেণ্য ব্যক্তিসকলক টাই আহোম যুৱ পৰিষদ,অসমে ২০১২চনৰ পৰা 'মহাবীৰ লাচিত বঁটা'ৰে সন্মানিত কৰি আহিছে। সেই অনুসৰি এইবাৰো অসমৰ কোনো এগৰাকী বিশেষ ব্যক্তিক 'মহাবীৰ লাচিত বঁটা'ৰে সন্মানিত কৰা হ'ব।

আয়োজক সমিতিয়ে জনোৱা অনুসৰি অহা ২৪ নৱেম্বৰৰ দিনা পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এই অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। অনুষ্ঠানত অসমৰ বিভিন্ন ক্ষেত্ৰৰ ভালেকেইগৰাকী ব্যক্তিক বিশেষভাৱে সম্বৰ্ধৰ্দ্ধিত কৰা হ'ব।

তেওঁলোক হ'ল- পুৰন্দৰ কোঁৱৰ,নগেন হাজৰিকা,মহেন্দ্ৰ হাজৰিকা,য়াহুম বুঢ়াগোহাঁই, ড০ দয়ানন্দ বৰগোহাঁই,ৰবি শৰ্মা,পাৰ্থসাৰথি মহন্ত,বিশ্বজিত ফুকন,নিৰুপমা বৰগোহাঁঞি আৰু পৰমানন্দ চাৰেঙীয়া।

লাচিত দিৱসৰ কাৰ্য্যসূচী অনুসৰি পুৱা ৮-০০ বজাত বানফি অনুষ্ঠান,১০-০০ বজাত পতাকা উত্তোলন,১০-১৫ বজাত মৈদাম তৰ্পন কাৰ্য্যসূচী অনুষ্ঠিত কৰা হ'ব। আনহাতে ১০-৪৫ বজাত আয়োজন কৰা হৈছে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান।

ইয়াৰ পিছতে দিনৰ ১২-০০ বজাত এখন মুকলি সভাৰ আয়োজন কৰা হৈছে। য'ত উপস্থিত থাকিব ড০ শিখামণি কোঁৱৰ, দিগন্ত তামুলী, ড০ যোগেন্দ্ৰ ফকন, ড০ ৰমেশ বৰপাত্ৰগোঁহাই, দিলীপ গগৈ আদি। আয়োজক সমিতিয়ে অনুষ্ঠানৰ সকলো কাৰ্য্যসূচীতে ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

Also Read: নকল সুৰাই প্ৰাণ কাঢ়িলে ভালেকেইজনৰ

Lachit Diwas Tai Ahom Yuva Parishad