নকল সুৰাই প্ৰাণ কাঢ়িলে ভালেকেইজনৰ

নকল সুৰাই প্ৰাণ কাঢ়িলে ভালেকেইজনৰ

ডিজিটেল ডেস্ক : নকল সুৰা সেৱন কৰি অকাল মৃত্যুক আঁকোৱালি ল'লে ভালেকেইজন লোকে। এই ঘটনা সংঘটিত হৈছে হাৰিয়ানা ৰাজ্যত। জানিব পৰামতে ৰাজ্যখনৰ মন্দেবাৰী,যমুনানগৰ,ফুলগড় আদি বিভিন্ন প্ৰান্তৰ প্ৰায় ১২গৰাকী লোকে ইতিমধ্যে মৃত্যুবৰণ কৰিছে।

অৱশ্যে নকল সুৰা সেৱন কৰা আৰু ভালেসংখ্যক লোক এতিয়াও হাস্পতালৰ বিচনাত পৰি জীৱন-মৃত্যুৰে যুঁজি থকা বুলি জানিব পৰা গৈছে। ইয়াৰে প্ৰায়সংখ্যক লোক আছিল শ্ৰমিক।

ৰাজ্যখনৰ এটা কাৰখানাৰ কৰ্মচাৰী আছিল এইসকল লোক। তেওঁলোকে নকল সুৰা সেৱন কৰাৰ পিছত দ্ৰুতগতিত স্বাস্থ্যৰ অৱনতি ঘটিছিল। তেজ বমি,শৌচ আদি বিভিন্ন পাৰ্শ্বক্ৰিয়াই দেখা দিছিল।

তেওঁলোকৰ এনে অৱস্থা দেখি ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটি প্ৰায় ১২গৰাকী লোকে অকাল মৃত্যুক আঁকোৱালি লয়। ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

ভালেকেইটা অঞ্চলত আৰক্ষীয়ে সোধা-পোছা অৱ্যাহত ৰাখিছে বুলি উল্লেখ কৰে। উল্লেখ্য যে, মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ অন্তত এই কথা পোহৰলৈ আহিছিল।

নকল সুৰাই প্ৰাণ কাঢ়িলে ভালেকেইজনৰ
মণিপুৰত ট্ৰাকসহ জব্দ বাৰ্মিজ চুপাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in