/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/11b20d5d-4a75-4be7-a267-dc2c2fb66f0e/AP_FOR_WEB_nandini_3.jpg)
'নন্দিনী'ত শিক্ষাৰ্থীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাঃ শতাধিক শিক্ষাৰ্থীৰ অংশগ্ৰহণ
ডিজিটেল ডেস্কঃ প্ৰতিদিন ইভেণ্টছ আৰু ষ্টয়িক ষ্টুডিঅ'ৰ সহযোগত খানাপাৰাত অনুষ্ঠিত হৈ থকা 'নন্দিনী' মেলা আজি পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছে। অনুষ্ঠানৰ আৰম্ভণিতে পুৱা মহানগৰীৰ শিক্ষাৰ্থীৰ মাজত এক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।
প্ৰতিযোগিতাত মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ কেইবাশতাধিক শিক্ষাৰ্থীয়ে তিনিটা শাখাত অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ বিজয়ীসকলক আজি সন্ধিয়া পুৰস্কৃত কৰা হ'ব। ইয়াৰোপৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীকে মানপত্ৰও প্ৰদান কৰা হ'ব।
উল্লেখ্য যে, এই চিত্ৰাংকন প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আছিল অৰূপ বৰকটকী, মেঘালী ডেকা আৰু দ্বীপেন চন্দ্ৰ শৰ্মা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/d298b182-0612-4263-9dfb-87f4503d2c70/b086aacd_5a8f_4113_971e_ccb59fc83d8f.jpg)
ইফালে আজি মেজিক আৰ্ট, টেৰাকোটা শিল্প, হেণ্ডপেইণ্টেড পেন ষ্টেণ্ড আৰু উল, মৰাপাট আদিৰে নিৰ্মিত সামগ্ৰীৰ কৰ্মশালা অনুষ্ঠিত হ'ব। মেজিক আৰ্টৰ প্ৰশিক্ষণ প্ৰদান কৰিব প্ৰিয়ংকা বৰুৱাই।
সেইদৰে ইমেজিনেৰী কেনভাছে টেৰাকোটাৰ প্ৰশিক্ষণ, সম্পূৰ্ণা চৌধুৰীয়ে পেণ্ডপেইণ্টেড পেন ষ্টেণ্ড আৰু নমিতা দলেয়ে উল, মৰাপাট আদিৰ দ্বাৰা নিৰ্মিত সামগ্ৰীৰ প্ৰশিক্ষণ প্ৰদান কৰিব।
Also Read: ' নন্দিনী'ত চৰ্চাৰ বিষয় 'পশ্বফিট': দিয়াৰ চামৰাৰ জোতা, চেণ্ডেলে মন জয় কৰিছে গ্ৰাহকৰ...